পুনৰ ডামিনীকাণ্ড! দশম শ্ৰেণীৰ ছাত্ৰীক চলন্ত গাড়ীত দলৱদ্ধ ধৰ্ষণ

নতুন দিল্লীত পুনৰ ধৰ্ষণকাণ্ড। দিল্লীৰ বসন্তবিহাৰত চলন্ত গাড়ীত ১৬ বছৰীয়া কিশোৰীক দলৱদ্ধ ধৰ্ষণ। ৬ জুলাইৰ নিশা প্ৰায় ৮.৩০ বজাত তিনিওজন অভিযুক্তৰ সৈতে একেখন গাড়ীতে যাত্ৰী কৰিছিল কিশোৰীগৰাকীয়ে। আটাইকেইজন লোকে কিশোৰীগৰাকীক লৈ গৈছিল অকলশৰীয়া ঠাইলৈ আৰু তাতেই ধৰ্ষণ কৰে কিশোৰীগৰাকীক। এই ঘটনাটো সংঘটিত হয় ৬ জুলাইত। ৮ জুলাইত সমগ্ৰ ঘটনা পোহৰলৈ অহাৰ পাছতে আৰক্ষীয়ে অভিযোগ ভিত্তিত আৰম্ভ কৰিছিল তদন্ত। ২৩, ২৫ আৰু ৩৫ বছৰীয়া আটাইকেইজন অভিযুক্তৰ বিৰুদ্ধে ৰুজু কৰা হয় এটা গোচৰ। আৰক্ষীৰ অনুসন্ধানৰ পাছতেই তিনিওজন অভিযুক্তক আটক কৰিবলৈ সক্ষম হৈছে আৰক্ষী। অভিযোগকাৰীৰ ভাষ্যৰ ওপৰত ভিত্তি কৰি ভাৰতীয় দণ্ডবিধিৰ ধৰ্ষণ আৰু যৌন অপৰাধৰ পৰা শিশুৰ সুৰক্ষা (POCSO) আইনৰ অধীনত তিনিওজন অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু। উল্লেখ্য যে, আটাইকেইজন ধৰ্ষণকাৰী কিশোৰীগৰাকীৰ চিনাকি আছিল। প্ৰথমতে গাড়ীৰে কিশোৰীগৰাকীক লৈ যোৱা হৈছিল এখন দোকানলৈ। তাৰ পাছতেই বলপূৰ্বকভাৱে মদ্যপান কৰাবলৈও বাধ্য কৰোৱা হৈছিল দশম শ্ৰেণীত অধ্যয়নৰত কিশোৰীগৰাকীক। বৰ্তমান চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে কিশোৰীগৰাকী।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

‘তোমাৰ স্থান জে’লত…’; উচ্চতম ন্যায়ালয়ত কিয় ভৰ্ৎসনা বলিউদৰ অভিনেতা ৰাজপাল যাদৱক?

চেক বাউন্সৰ দীৰ্ঘদিনীয়া গোচৰত আদালতৰ নিৰ্দেশ অনুসৰি নিৰ্ধাৰিত সময়ৰ...

মহানগৰীত উদণ্ড চালকৰ অতপালি; কৰ্তব্যৰত আৰক্ষীক মহটিয়াই পলায়নৰ চেষ্টা

মহানগৰী গুৱাহাটীত পুনৰ সংঘটিত হৈছে উদণ্ড চালকৰ অতপালি। কৰ্তব্যৰত...

নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনত EVM বিকল; ভোটগ্ৰহণৰ মাজতে হাহাকাৰ

আজি অনুষ্ঠিত হৈছে নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ। পুৱা...