প্ৰথম টি-২০ত ইংলেণ্ডৰ বিৰুদ্ধে বৃহৎ জয় টীম ইণ্ডিয়াৰ

ভাৰত আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হোৱা প্ৰথমখন টি-২০ত ৫০ ৰানৰ বৃহৎ জয় ‘মেন ইন ব্লু’ৰ। প্ৰথমে বেট ধৰি ভাৰতে ১৯৮ ৰান সংগ্ৰহ কৰে। ভাৰতৰ হৈ হাৰ্ডিক পাণ্ডিয়াই সৰ্বাধিক ৫১ ৰান সংগ্ৰহ কৰে।

ইপিনে সূৰ্য কুমাৰ যাদৱ আৰু দীপক হুডাৰ আকৰ্ষণীয় বেটিঙৰ সহায়ত ইংলেণ্ডক ১৯৮ লক্ষ্য বান্ধি দিবলৈ সক্ষম হয়। লক্ষ্য অনুসৰণ কৰি ১৯.৩ অভাৰত ১৪৮ ৰানত অল আউট হয় ইংলেণ্ডে।

ভাৰতৰ হৈ বলিঙত হাৰ্ডিক পাণ্ডিয়াই নিজৰ চাৰি অভাৰত মুঠ ৩৩ ৰাণ দি চাৰিটা উইকেট দখল কৰে। ইপিনে আন্তঃ ৰাষ্ট্ৰীয় ক্ৰিকেটত নিজৰ প্ৰথমখন মেচ খেলা আৰ্শদীপ সিঙে দুটা উইকেট দখল কৰিবলৈ সক্ষম হয়।

আনহাতে দ্বিতীয়খন টি-২০ খেল কাইলৈ এজবাষ্টনত অনুষ্ঠিত হ’ব যত বিৰাট কোহলীকো টীম ইণ্ডিয়াত দেখা পাব অনুৰাগীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ওড়িশাৰ উপকূলৰ সমীপৰ গভীৰ সাগৰত প্ৰাকৃতিক গেছৰ সন্ধান ONGCৰ

ভাৰতৰ শক্তি সম্পদৰ অনুসন্ধানৰ ক্ষেত্ৰত উল্লেখযোগ্য সফলতা অৰ্জন কৰিছে...

নাগালেণ্ডৰ পাহাৰৰ পৰা অস্কাৰৰ দুৱাৰমুখলৈ ‘আং’, টৰন্টোত জিলিকিল উত্তৰ-পূৰ্বাঞ্চলৰ কাহিনী

নাগালেণ্ডৰ পাহাৰৰ পৰা অস্কাৰৰ দুৱাৰমুখলৈ ‘আং’, টৰন্টো চলচ্চিত্ৰ মহোৎসৱত...

আগৰকাৰৰ পিছত কোন? নিৰ্বাচক পদক লৈ চৰ্চাৰ মাজতে শ্ৰীকান্তৰ মন্তব্য

২০২৭ চনৰ এদিনীয়া বিশ্বকাপৰ পূৰ্বে ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য...