গৰমে দহিছে ইউৰোপ, গৰমত অতিষ্ঠ মানুহে আশ্ৰয় লৈছে পানীৰ

সমগ্ৰ ইউৰোপক দহিছে অভূতপূৰ্ব উষ্ণ প্ৰবাহে। গৰমত অতিষ্ঠ মানুহে আশ্ৰয় লৈছে পানীৰ। ঘৰৰ ছাদত আইনাৰে তৈয়াৰ কৰা চুইমিং পুলত নিজকে ডুবাই ৰাখিছে একাংশই, আন এচামে আশ্ৰয় লৈছে চুইমিং পুলত।

নিজৰ সকলো কাম–কাজ এৰি মানুহে এনেদৰে দিনটো অতিবাহিত কৰিবলগীয়া হৈছে পুলৰ পানীত। অকল ৰুফটপ চুইমিং পুলেই নহয়, মাটিত বা ইণ্ডোৰ ষ্টেডিয়ামত নিৰ্মিত চুইমিং পুলত এতিয়া দেখা গৈছে মানুহৰ ভিৰ।

একেদৰে সমুদ্ৰ তীৰতো সমবেত হৈছে হাজাৰ হাজাৰ মানুহ। লক্ষ্যণীয়ভাৱে সাধাৰণতে ইউৰোপ মহাদেশ এক ঠাণ্ডা ভূখণ্ড যদিও, কেতিয়াবা কেতিয়াবা গৰমে ইয়াত ঘাতক ৰূপ ধাৰণ কৰে।

আনহাতে ঠাণ্ডাৰ লগত অধিক অভ্যস্ত ইউৰোপবাসীয়ে সহ্য কৰিব নোৱাৰে গৰমৰ প্ৰকোপ।

সেয়ে তেওঁলোকে এনেকুৱা গৰমৰ দিনত আশ্ৰয় ল’ব লগা হয় পানীৰ, সাগৰ বা চুইমিং পুলৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এচচিইআৰটি সঞ্চালিকাৰ ডায়েট বিৰোধী মইমতালি

ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ (এচচিইআৰটি), অসমৰ সঞ্চালিকা...

নিয়মীয়াকৰণ হোৱা শিক্ষকৰ দৰমহাৰ নতুন ব্যৱস্থা

অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা।SRD ২০২৪-২০২৫ৰ অধীনত...

কাজিৰঙাত নিষিদ্ধ হ’ব মোবাইল ফোন

অচিৰেই বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ...

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! জব্দ হ’ল ২৮ কোটি টকা আৰু ১৯ কেজি সোণ।

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! পইচা গণি গণি বিকল...