২১ জুনৰ পৰা ১৮ বছৰৰ ওপৰৰ সকলোকে বিনামূলীয়া ভেকচিন

গুৱাহাটী, ৭ জুন, NKTV: ২১ জুনৰ পৰা ১৮ বছৰৰ ওপৰৰ সকলোকে বিনামূলীয়া ভেকচিন প্ৰদান কৰা হ’ব। ৭টা কোম্পানীয়ে দেশত ভেকচিন উৎপাদনৰ কাম কৰি আছে। নতুন ৩টা ভেকচিন এডভান্স পৰ্যায়ত আছে। দেশবাসীক সম্বোধন কৰি এই সু-খবৰ দিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

ক’ভিডৰ ২য় ঢৌৰে যুঁজ অব্যাহত থকাৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে, আধুনিক বিশ্বই এনে পৰিস্থিতি দেখাই নাছিল। বিগত ১০০ বছৰত অহা সৰ্ববৃহৎ মহামাৰী ক’ভিড। এই সময়ছোৱাত ভাৰত যথেষ্ট কষ্টৰ সন্মুখীন হৈছে। মহামাৰীৰ বিৰুদ্ধে দেশে একগোট হৈ যুঁজিছে। ক’ভিডৰে যুঁজিবলৈ নতুন স্বাস্থ্য আন্তঃগাঁথনি হৈছে। বিশ্বৰ বিভিন্ন অংশৰ পৰা ভাৰতলৈ অক্সিজেন আহিছে। আটাইতকৈ শক্তিশালী অস্ত্ৰ হ’ল ক’ভিড প্ৰট’কল। মাস্ক, দুগজ সামাজিক দূৰত্ব আৰু আন বিধি মানি চলক। বিশ্বজুৰি চাহিদাতকৈ ভেকচিনৰ যোগান বহু কম।

ভাৰতত ভেকচিন উৎপাদন নহ’লে অৱস্থা শোচনীয় হ’লহেঁতেন। বিদেশৰ পৰা ভেকচিন পাবলৈ ৰ’লে বহু দশক লাগিলহেঁতেন। ৫ বছৰত টিকাৰকৰণ ৬০%ৰ পৰা ৯০%লৈ বৃদ্ধি। শিশুক ৰোগমুক্ত কৰিবলৈ কেইবাবিধো নতুন ভেকচিন। মিছন ইন্দ্ৰধনুষেৰে যুদ্ধকালীন টিকাকৰণ। ২৩ কোটি লোকক ক’ভিড ভেকচিন দিয়া হ’ল বুলিও কয় প্ৰধানমন্ত্ৰী গৰাকীয়ে।

আমাৰ দেশত কোৱা হয় – বিশ্বাসেই সিদ্ধি। বিশ্বাস আছিল, কম সময়তে ভেকচিন প্ৰস্তুত হ’ব। আত্মবিশ্বাসেৰেহে সফলতা আহে। আমাৰ বিজ্ঞানীসকলৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে। অনাগত সময়ত ভেকচিনৰ যোগান আৰু বাঢ়িব। শিশুৰ বাবেও দুটা ভেকচিনৰ পৰীক্ষা চলি আছে। এটা নেজেল ভেকচিনৰো পৰীক্ষা চলি আছে। ভেকচিন প্ৰস্তুত হ’লেও বহু দেশত টিকাকৰণ হোৱা নাই। উন্নত দেশসমূহত টিকাকৰণ প্ৰথমে আৰম্ভ হৈছে – প্ৰধানমন্ত্ৰী।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...

ভাৰতলৈ আহিছে পুটিন… সিফালে চীন পালেগৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণ কৰাৰ...

পুটিনৰ ভাৰত ভ্ৰমণঃ বাণিজ্যৰ পৰা মহাকাশলৈ এই ৮টা ক্ষেত্ৰত স্বাক্ষৰিত হ’ব বৃহৎ চুক্তি

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ভাৰত ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত...