এইবাৰ বলিউডৰ ডাবাং খানক হত্যাৰ ভাবুকি কাৰ?

বলিউডৰ ডাবাং খানক হত্যাৰ ভাবুকি। ছলমান খান আৰু তেওঁৰ পিতৃ ছেলিম খানলৈ ভাবুকি পত্ৰ প্ৰেৰণ। প্ৰাতঃভ্ৰমণলৈ যাওঁতেই ভাবুকি পত্ৰ লাভ চলমানৰ। ভাবুকি পত্ৰ লাভ কৰাৰ পিছতে মুম্বাই আৰক্ষীক অভিযোগ দাখিল ছলমানৰ। ঘটনা সন্দৰ্ভত মুম্বাই আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত। পঞ্জাবী গায়ক সিদ্ধু মুছেৱালাৰ হত্যাত গেংষ্টাৰ লৰেন্স বিষ্ণয়ৰ নাম সাঙোৰ খোৱাৰ পিছতে ছলমান আৰু পিতৃলৈ অহা ভাবুকি পত্ৰকলৈ চাঞ্চল্য।

কাৰণ ২০১৮ চনতো লৰেন্স বিষ্ণয় গেঙে ভাবুকি প্ৰদান কৰিছিল ছলমান খানক। লৰেন্স বিষ্ণয় সম্প্ৰতি বন্দী হৈ আছে দিল্লীৰ তিহাৰ জে’লত। সিদ্ধু মুছেৱালাৰ হত্যাৰ গোচৰত কাৰাগাৰতে সোধাপোছা চলোৱা হৈছিল লৰেন্সক। তাৰ পিছতে ছলমান খানলৈ ভাবুকি পত্ৰ প্ৰেৰণ কৰা ঘটনাত লৰেন্স বিষ্ণয় গেঙেই জড়িত থকা বুলি প্ৰাথমিক অৱস্থাত সন্দেহ কৰা হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আজিৰে পৰা আৰম্ভ ৰাজস্থান ৰয়েলছ-আৰ চি বি খেলৰ টিকট বিক্ৰী

অহা ১০ এপ্ৰিলত বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

নিশাই গুৱাহাটীত উপস্থিত হ’ব মুম্বাই ইণ্ডিয়ানছ, দেওবাৰে পাব ৰাজস্থান ৰয়েলছ

গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অহা সাত এপ্ৰিলত চলিত...

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...