সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকনৰ নেতৃত্বত ১ লাখ গছপুলি ৰোপণ

গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ অন্তৰ্গত টেঙানিৰ দুই নৈৰ মুখত আজি পুৱাৰে পৰা এক উৎসৱ মুখৰ পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হয়। সেউজী ধৰণীৰ সপোন বাস্তৱায়িত কৰি তোলাৰ মহান উদ্দেশ্য আগত ৰাখি গোলাঘাট জিলাৰ সৰুপথাৰ বিধান সভা সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনৰ নেতৃত্বত বিশ্ব পৰিৱেশ দিৱস উপলক্ষে আজি টেঙানিৰ মাজেৰে বৈ যোৱা দৈয়াং আৰু ধনশিৰি দুই নৈৰ সংগমস্থলী দুই নৈৰ মুখত ১ লাখ গছপুলি ৰোপণৰ এক কাৰ্যসূচী অনুষ্ঠিত হয়।

অঞ্চলটোত গছপুলি ৰোপনৰ বাবে পুৱাৰে পৰা মহকুমাটোৰ বিভিন্ন দল-সংগঠন, শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰী তথা কেইবাসহস্ৰাধিক ৰাইজৰ সোঁত ববলৈ ধৰে। সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনৰ নেতৃত্বত ধনশিৰি মহকুমা প্ৰশাসন, বন বিভাগ, বিভিন্ন দল সংগঠন, চি আৰ পি এফ, বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আৰু ৰাইজৰ পূর্ণ সহযোগত বিশ্ব পৰিৱেশ দিৱস উপলক্ষে ১ লাখ গছপুলি ৰোপণৰ কাৰ্যসূচী আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰে ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন, গোলাঘাট জিলাৰ উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱা, আৰু বিজেপিৰ গোলাঘাট জিলা সমিতিৰ সভাপতি দেৱপ্ৰদীপ বৰাই।

ৰিতুল গগৈয়ে আঁত ধৰা শুভাৰম্ভণি অনুষ্ঠানত গোলাঘাট জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ধীৰাজ দাস, অতিৰিক্ত উপায়ুক্ত তথা ধনশিৰি মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি দিনচেংফা বৰুৱা, গোলাঘাট জিলাৰ বন বিষয়া সুশীল কুমাৰ ঠাকুৰীয়া, গোলাঘাট জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক অঞ্জন পণ্ডিত, চি আৰ পি এফৰ খটখটি ৰেঞ্জৰ ডি আই জি, ১৪২ নং চি আৰ পি এফৰ কামাণ্ডেণ্ট,জিলা গ্ৰামোন্নয়ন বিভাগৰ প্ৰকল্প সঞ্চালক, সৰুপথাৰ ৰাজহ চক্ৰ বিষয়া হেমাংগ নবিছৰ লগতে ভালেকেইজন চৰকাৰী উচ্চ পদস্থ বিষয়া উপস্থিত থাকে। প্ৰায় ৪০ হেক্টৰ ভূমিৰে আগুৰা নৈৰ কাষৰীয়া উক্ত অঞ্চলটোত প্ৰখৰ ৰ’দকো নেওচি ৰোপণ স্থলীত সমবেত হোৱা কেইবাসহস্ৰাধিক জনতাই হাতে হাতে গছপুলি ৰোপণ কৰা পৰিলক্ষিত হয়।

ৰাইজৰ লগত একেলগে সাংসদ, বিধায়ক, জিলা উপায়ুক্ত, মহকুমাধিপতিৰ উপৰিও বন বিষয়াইয়ো হাতে হাতে গছপুলি ৰোপণ কৰা দৃশ্যৰ লগতে কোনোৱে গাঁত খন্দা, কোনোৱে পুলি ৰোপণ কৰা আৰু কোনোৱে আকৌ ৰোপণ কৰা পুলিত পানী দিয়া দৃশ্যই সকলোকে আপ্লুত কৰে।

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...