কাইলৈ মাজুলীলৈ যাব ৰাজ্যপাল জগদীশ মুখী, কি কি কাৰ্যসূচীত ভাগ ল’ব ৰাজ্যপালজনে?

দেওবাৰে দুদিনীয়া চৰকাৰী কাৰ্যসূচী লৈ মাজুলীলৈ যাব ৰাজ্যপাল জগদীশ মুখী। সপত্নীক ৰাজ্যপালগৰাকীয়ে সত্ৰদ্বীপ মাজুলী ভ্ৰমণ কৰিব। মাজুলীৰ ঐতিহাসিক চামগুৰি সত্ৰৰ লগতে দক্ষিণপাট সত্ৰ দৰ্শন কৰিব ৰাজ্যপালগৰাকীয়ে । চামগুৰি সত্ৰত মুখা শিল্প দৰ্শন কৰাৰ লগতে উপভোগ কৰিব এখন মুখ ভাওনা। সত্ৰবাসীয়ে পৰম্পৰাগত জলপানেৰে আপ্যায়িত কৰিব ৰাজ্যপালগৰাকীক। দ্বিতীয় দিনা গড়মূৰস্থিত পিতাম্বৰদেৱ গাৰ্লছ হাইস্কুলত অনুষ্ঠিত হ’ব লগা গৱৰ্নৰ গাৰ্লছ ভলীবল প্ৰতিযোগিতাৰ উদ্বোধন কৰিব ৰাজ্যপালগৰাকীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...