কাৰ্বি আংলঙৰ বানাক্ৰান্তক খাদ্য সামগ্ৰী যোগান আজমল ফাউণ্ডেচনৰ

বিগত কেইবাদিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যখনৰ বিভিন্ন ঠাইত বানপানীৰ সৃষ্টি হৈছে। এনে দুৰ্যোগৰ সময়ত আৰ্তজনৰ কাষত থিয় দিলে ৰাজ্যৰ অন্যতম স্বেচ্ছাসেৱী সংস্থা আজমল ফাউণ্ডেচনে। হোজাই জিলাৰ যমুনামুখ সমষ্টিৰ চাৰ্লক, ভেদৌআটি , জংগলব্লক, বালিৰাম, বিনাকান্দি আৰু হোজাই সমষ্টিৰ বাৰফুটিৰ লগতে ভিতৰুৱা অঞ্চল সমূহত আজমল ফাউণ্ডেচনে খাদ্য সামগ্ৰী, ট্ৰিপাল, বিশুদ্ধ খোৱা পানী ইত্যাদি বিতৰণ কৰে। ইয়াৰ উপৰিও আজমল ফাউণ্ডেচনে কাৰ্বি আংলঙৰ অসহায় বানাক্ৰান্ত ৰাইজৰ মাজত খাদ্য সামগ্ৰী যোগান ধৰে। সোমবাৰ আৰু মঙলবাৰে পশ্চিম কাৰ্বি আংলঙত তিনিশৰো অধিক পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী, ট্ৰীপাল আৰু বিশুদ্ধ খোৱা পানী বিতৰণ কৰে আজমল ফাউণ্ডেচনে। আজমল ফাউণ্ডেচনৰ ন্যাসৰক্ষী মৌলানা বদৰুদ্দিন আজমল আৰু ছিৰাজুদ্দিন আজমলৰ নিৰ্দেশত আৰু সঞ্চালক ড° খচৰুল ইছলামৰ তৎপৰতাত ৰাজ্যৰ বিভিন্ন জিলাৰ বানাক্ৰান্ত অঞ্চলৰ ৰাইজৰ মাজত অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী, বিশুদ্ধ খোৱা পানী ইত্যাদি যোগান ধৰা হয়। উল্লেখযোগ্য যে, আজমল ফাউণ্ডেচনে পূৰ্বেও প্ৰাকৃতিক দুৰ্যোগৰ সময়ত ৰাইজৰ কাষত থিয় দিছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

তিনিচুকীয়াৰ বাৰেকুৰিত বিশ্ব হলৌ দিৱস উদযাপন, সংৰক্ষণ আৰু পৰ্যটনৰ বিকাশত গুৰুত্ব

হলৌ উদ্যান হিচাপে পৰিচিত তিনিচুকীয়া জিলাৰ বাৰেকুৰিৰ ২১খন গাঁৱৰ...

এছিয়ান পেৰা গেমছত ভাৰতৰ ঐতিহাসিক সাফল্য: ৩০টা সোণসহ মুঠ ১১৪টা পদক অৰ্জন

জাপানৰ আইচি-নাগোয়াত অনুষ্ঠিত পঞ্চম এছিয়ান পেৰা গেমছৰ আজি সামৰণি...

অসমৰ স্বাস্থ্যখণ্ডত ঐতিহাসিক সফলতা! GMCHত প্ৰথমবাৰৰ বাবে সফল লিভাৰ ট্ৰান্সপ্লাণ্ট

অসমৰ স্বাস্থ্যখণ্ডত সংযোজিত হ’ল এক নতুন অধ্যায়। গুৱাহাটী চিকিৎসা...

চাকৰি প্ৰত্যাশী আৰু চৰকাৰী কৰ্মচাৰীলৈ সুখবৰ! ফেচবুক লাইভযোগে মুখ্যমন্ত্ৰীৰ কেইবাটাও ডাঙৰ ঘোষণা

ৰাজ্যৰ চাকৰি প্ৰত্যাশী যুৱক-যুৱতী আৰু চৰকাৰী কৰ্মচাৰীসকলৰ বাবে কেইবাটাও...