দিল্লীত প্ৰবল ধুমুহা, বৃষ্টিপাত!

ৰাষ্ট্ৰীয় ৰাজধানীক্ষেত্ৰ দিল্লীক সোমবাৰে কোবাই যায় প্ৰবল ধুমুহা আৰু বৃষ্টিপাতে। পৰিণতিত সমগ্ৰ মহানগৰীখনতে ব্যাহত হৈ পৰে যানবাহনৰ চলাচল। ৰাজপথত বাগৰি পৰে প্ৰকাণ্ড প্ৰকাণ্ড গছ। ধুমুহা, বৃষ্টিপাতৰ ফলত ব্যাহত হয় যাত্ৰীবাহী বিমানৰো চলাচল। ঘণ্টাত ৫০ৰ পৰা ৮০ কিলোমিটাৰ বেগত অহা এই ধুমুহাৰ তাণ্ডৱৰ ফলত মহানগৰীখনত বিদ্যুত সেৱাও ব্যাহত হৈ পৰে। অৱশ্যে ধুমুহা–বৰষুণৰ ফলত ৪৫ ডিগ্ৰীৰ পৰা ১৮ ডিগ্ৰী ছেলচিয়াছলৈ হ্ৰাস পায় দিল্লীৰ তাপমাত্ৰা। ‍লক্ষ্যনীয়ভাৱে বিগত সময়ছোৱাত প্ৰচণ্ড গৰমে দহিছিল দিল্লীক। অভিলেখ সৃষ্টিকাৰী তাপমাত্ৰাৰ ফলত ব্যাহত হৈ পৰিছিল জনজীৱন।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

২২ বছৰীয়া দীঘলীয়া অপেক্ষাৰ অন্ত! ডুৰাণ্ড কাপৰ-২০২৬ৰ চেম্পিয়ন ইষ্ট বেংগল

মোহনবাগানক ৪-১ গ’লত পৰাস্ত কৰি ১৭সংখ্যক ডুৰাণ্ড কাপ জয়...

অসমৰ বানাক্ৰান্ত বিদ্যালয়সমূহৰ পুনৰ্নিৰ্মাণৰ বাবে ONGCৰ ২০ কোটি টকাৰ সাহায্য

অসমত শেহতীয়াকৈ হোৱা প্ৰলয়ংকাৰী বানত ক্ষতিগ্ৰস্ত হোৱা ৰাজ্যখনৰ প্ৰায়...

প্ৰথম বিদেশ যাত্ৰাতে থমকি ৰ’ল জীৱন, ২২ বছৰীয়া ভাৰতীয় যুৱকৰ কৰুণ পৰিণতি

ৰাছিয়ান ক্ষেপণাস্ত্ৰ আক্ৰমণত নিহত উত্তৰ প্ৰদেশৰ যুৱকৰ মৃতদেহ ৩৪...