পুত্ৰ ছুপাৰষ্টাৰ, দেউতাক বাছ চালক

ভাৰতীয় চলচ্চিত্ৰ জগতত খলকনিৰ সৃষ্টি কৰা কেজিএফ চেপ্তাৰ-২এ ১ মাহ পূৰ্বে মুক্তি লাভ কৰিছিল। ছবিখনে ইতিমধ্যে বক্স অফিচত সফল ছবিৰূপে পৰিগণিত হৈছে। আৰু এই ছবিখনৰ বাবে দক্ষিণৰ ছুপাৰষ্টাৰ য়শ দেশৰ আইকন হৈ পৰিছিল। মধ্যবিত্ত পৰিয়ালৰ পুত্ৰ য়শে সংগ্ৰাম কৰি সফলতা অৰ্জন কৰিছে। য়শৰ দেউতাক পেছাত এজন বাছ চালক আছিল। তাৰ মাজতে এতিয়া আন এক ৰহস্য পোহৰলৈ আহিছে! যশৰ দেউতাক অৰুণ কুমাৰে তেওঁৰ পুত্ৰ ছুপাৰষ্টাৰ হোৱা পিছতো বাছ চলাবলৈ এৰি দিয়া নাছিল। অৰুণ কুমাৰ এতিয়াও কেৰেলা ৰাজ্যিক পৰিবহণ বিভাগৰ এজন বাছ চালক।

File Photo

এই কথাটো শেহতীয়াকৈ পৰিচালক এছ এছ ৰাজামৌলীয়ে ৰাজহুৱা কৰিছে। এক অনুষ্ঠানত RRRৰ পৰিচালকজনে কয়, য়শৰ দেউতাক এজন বাছ চালক। তেওঁ এতিয়ালৈকে চাকৰি এৰা নাই। মোৰ মতে, তেওঁহে হৈছে এজন প্ৰকৃত তাৰকা। য়শতকৈ তেওঁৰ অধিক কৃতিত্ব আছে। পুত্ৰ ছুপাৰষ্টাৰ হোৱাৰ পিছতো তেওঁ নিজৰ পৰিচয় পাহৰি নোযোৱাটোৱেই বহুতক অনুপ্ৰাণিত কৰিছে।

নবীন কুমাৰ গৌড়া ওৰফে য়শৰ জন্ম ১৯৮৬ চনৰ ৮ জানুৱাৰীত মহীশূৰত হৈছিল। য়শে সৰুৰে পৰা নায়ক হোৱাৰ সপোন দেখি আছিল। যাৰ বাবে তেওঁ স্কুল আৰু কলেজতো অভিনয় কৰিছিল। উল্লেখযোগ্য যে, য়শে ছবিজগতলৈ অহাৰ সুযোগ লাভ কৰাৰ সময়ত মাত্ৰ ৩০০ টকা লৈ ঘৰ এৰিছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

জনজাতি সুৰক্ষা মঞ্চৰ সংবাদমেল; ধৰ্মান্তৰকৰণৰ বিৰুদ্ধে সৰৱ

গুৱাহাটীৰ কেশৱ ধামত জনজাতি সুৰক্ষা মঞ্চ, অসম প্ৰদেশৰ এখন...

চৰৰ মুছলমান প্ৰসংগত অসম সাহিত্য সভাৰ সভাপতিৰ মন্তব্যই জোকাৰিছে ৰাজ্য

চৰৰ মুছলমান প্ৰসংগত অসম সাহিত্য সভাৰ সভাপতিৰ মন্তব্য।মুছলমান মানেই...

আকাশমাৰ্গতে দুখন যুদ্ধ বিমানৰ ভয়ংকৰ সংঘৰ্ষ

আমেৰিকাত এয়াৰ শ্ব’ৰ মাজতে শিহৰণকাৰী দুৰ্ঘটনা।আকাশমাৰ্গতে দুখন যুদ্ধ বিমানৰ...

গ্ৰাহকৰ বেশত দোকানত সোমাই চুৰুণীয়ে নিলে কাপোৰ

গ্ৰাহকৰ বেশত দোকানত সোমাই মুহূৰ্ততে লৈ গ’ল প্ৰায় ৩০...