এখন দুখন নহয়, ৯৬খন সোণৰ বিস্কুট জব্দ গুৱাহাটীত!

গুৱাহাটীৰ মাজেৰে অব্যাহত আছে অবৈধ সোণৰ স্মাগলিং। গুৱাহাটীত জব্দ ৯৬খন সোণৰ বিস্কুট। গ্ৰেপ্তাৰ কৰা হৈছে ৫ জনকৈ অভিযুক্তক। DIRECTORATE OF REVENUE INTELLIGENCEৰ গোপন অভিযানত জব্দ হৈছে কোটি কোটি টকাৰ অবৈধ সোণ।

DRIৰ অভিযানত জব্দ হৈছে ১৫.৯৩ কেজিৰ সোণ। যাৰ বজাৰমূল্য প্ৰায় ৮.৩৮ কোটি টকা। GOLD ON THE HIGHWAY নামেৰে কৰা হৈছিল সমগ্ৰ গোপন অভিযান। বিদেশৰ সোণখিনি ইণ্ডো-ম্যানমাৰেৰে সৰবৰাহ হৈছিল। ডিমাপুৰ আৰু গুৱাহাটীত চলিছিল এই অভিযান। দুখন তেলৰ টেঙ্কাৰ আৰু ট্ৰাকত চলিছিল অভিযান। মণিপুৰ হৈ আহিছিল ট্ৰাক কেইখন। গোপন খবৰ লাভ কৰিয়েই ডিমাপুৰ-গুৱাহাটীৰ হাইৱেত পৃথক পৃথক ঠাইত অভিযান চলাই জব্দ হৈছে বৃহৎ পৰিমাণৰ সোণ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...