ক’ভিড ভাৰ্চুৱেল সন্মিলনত আজি প্ৰধানমন্ত্ৰী মোদীৰ ভাষণ

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ’ বিডেনৰ আমন্ত্ৰণত আজি ক’ভিড ভাৰ্চুৱেল সন্মিলনত অংশ গ্ৰহণ কৰিব ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এই অনুষ্ঠানটোত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে মহামাৰীৰ বিৰুদ্ধে যুজিবৰ বাবে ভেকচিন উৎপাদনত ভাৰতৰ ভূমিকাৰ ওপৰত আলোচনা কৰিব।

এই অনুষ্ঠানটোত বেলিজৰ ৰাষ্ট্ৰ, চৰকাৰৰ মুৰব্বীসকল ক্ৰমে আফ্ৰিকান ইউনিয়নৰ অধ্যক্ষ হিচাপে চেনেগাল, জি-২০ৰ সভাপতি হিচাপে ইণ্ডোনেছিয়া আৰু জি-৭ৰ সভাপতি হিচাপে জাৰ্মানী। ৰাষ্ট্ৰসংঘৰ মহাসচিব, বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালক প্ৰধানকে ধৰি বহুতো গণ্যমান্য ব্যক্তিসকলে এই সভাত অংশ গ্ৰহণ কৰিব।

প্ৰধানমন্ত্ৰী মোদীয়ে ২০২১ চনৰ ২২ ছেপ্তেম্বৰচ প্ৰথম ভাৰ্চুৱেল গোলকীয় ক’ভিড সন্মিলনত অংশ গ্ৰহণ কৰিছিল। এই বছৰ সন্মিলনত প্ৰধানমন্ত্ৰী মোদীয়ে মহামাৰিৰ প্ৰতিৰোধৰ সন্দৰ্ভত উদ্বোধনী ভাষণ প্ৰদান কৰিব।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয় যে, এই সন্মিলনে ক’ভিড মহামাৰীৰ লগত মোকাবিলা কৰিবৰ বাবে আৰু এক অধিক শক্তিশালী সুৰক্ষা স্থাপন কৰিবৰ বাবে পদক্ষেপ ল’ব বিচাৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অসম- নাগালেণ্ডৰ মাজত পুনৰ সংঘাত; মেৰাপানীৰ ভেলৌগুৰি ছীড ফাৰ্মত নগা আৰক্ষীৰ বিৰুদ্ধে হাৰাশাস্তিৰ অভিযোগ

মেৰাপানীৰ ভেলৌগুৰি ছীড ফাৰ্ম অঞ্চলত নগা আৰক্ষীৰ বিৰুদ্ধে অসমীয়া...

পুনৰ উতপ্ত অসম-নাগালেণ্ড সীমান্ত; মেৰাপানীৰ ভেলৌগুৰি ছীড ফাৰ্মত নগা আৰক্ষীৰ বিৰুদ্ধে হাৰাশাস্তিৰ অভিযোগ

মেৰাপানীৰ ভেলৌগুৰি ছীড ফাৰ্ম অঞ্চলত নগা আৰক্ষীৰ বিৰুদ্ধে অসমীয়া...

অসমলৈ আহিব ক’কৰোছ জনতা পাৰ্টি (CJP)ৰ কেন্দ্ৰীয় নেতৃত্ব; অসমত অনুষ্ঠিত হ’ব দলটোৰ প্ৰথমখন স্বেচ্ছাসেৱক মীট

অসমত সাংগঠনিক ভেটি শক্তিশালী কৰাৰ লক্ষ্যৰে অসমলৈ আহিব ক’কৰোছ...

প্ৰায় এবছৰ ধৰি ঘৰত বন্দী বোৱাৰী; স্বামীৰ পৰিয়ালৰ বিৰুদ্ধে নিৰ্যাতনৰ অভিযোগ

অসমত পুনৰ পোহৰলৈ আহিছে বোৱাৰী নিৰ্যাতনৰ এক গুৰুতৰ অভিযোগ।...