পাকিস্তানৰ হিন্দু মন্দিৰত আক্ৰমণ কৰা ২২ অপৰাধীক দিলে কাৰাদণ্ড

পাকিস্তান সন্ত্ৰাসবাদ বিৰোধী আদালতে বুধবাৰে ২২জনকৈ লোকক পঞ্জাবৰ হিন্দু মন্দিৰত আক্ৰমণ কৰাৰ অপৰাধৰ বাবে পাচঁ বছৰৰ কাৰাদণ্ড বিহে। ২০২১ চনৰ জুলাই মাহত লাহোৰৰ পৰা প্ৰায় ৫৯০ কিঃমিঃ দূৰত্বত অৱস্থিত ৰহিম য়াৰ খান জিলাৰ ভং চহৰৰ গণেশ মন্দিৰত এজন আঠ বছৰীয়া শিশুক শ শ লোকে আক্ৰমণ কৰিছিল।

আক্ৰমণকাৰীসকলে মন্দিৰত নিয়োজিত হৈ থকা আৰক্ষীকো আক্ৰমণ কৰাৰ লগতে মন্দিৰৰ এটা অংশত জ্বলাই দিয়ে। লগতে আক্ৰমণকাৰীয়ে মন্দিৰৰ মূৰ্তি, দেৱাল, দুৱাৰ আদি সকলোবিলাক ভাঙি পেলাইছিল।

মন্দিৰত আক্ৰমণ কৰাৰ অপৰাধত আৰক্ষীয়ে ৮৪জনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। আৰু বুধবাৰে ATC ন্যায়াধীশ নাছিৰ হুছেইনে ৰায়ঘোষণা কৰে আৰু ইয়াৰে ৬২জন লোকক নিৰ্দোষী বুলি ঘোষণা কৰাৰ লগতে বাকী সন্দেহজনক ২২জন লোকক পাচঁ বছৰৰ বাবে কাৰাদণ্ড প্ৰদান কৰে।

পাকিস্তানৰ মুখ্য ন্যায়াধীশ গোলজাৰ আহমেদে এই ঘটনাটোৰ ওপৰত দোষ প্ৰকাশ কৰি কয় যে, গণেশ মন্দিৰত হোৱা আক্ৰমণে সম্পূৰ্ণ দেশখনক লজ্জানত কৰিছে। লগতে তেওঁ কৈছে যে, এই অপবিত্ৰতাই হিন্দু সম্প্ৰদায়ৰ লোকসকলৰ বাবে বহুতো দোষ আৰু মানষিক যান্ত্ৰণাও দিছে।

ইয়াৰ লগতে পাকিস্তানৰ সংসদেও প্ৰস্তাৱ গ্ৰহণ কৰি মন্দিৰৰ আক্ৰমণৰ ঘটনাৰ
দোষ প্ৰকাশ কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অসমলৈ আহিব ক’কৰোছ জনতা পাৰ্টি (CJP)ৰ কেন্দ্ৰীয় নেতৃত্ব; অসমত অনুষ্ঠিত হ’ব দলটোৰ প্ৰথমখন স্বেচ্ছাসেৱক মীট

অসমত সাংগঠনিক ভেটি শক্তিশালী কৰাৰ লক্ষ্যৰে অসমলৈ আহিব ক’কৰোছ...

প্ৰায় এবছৰ ধৰি ঘৰত বন্দী বোৱাৰী; স্বামীৰ পৰিয়ালৰ বিৰুদ্ধে নিৰ্যাতনৰ অভিযোগ

অসমত পুনৰ পোহৰলৈ আহিছে বোৱাৰী নিৰ্যাতনৰ এক গুৰুতৰ অভিযোগ।...

ভাৰতৰ ছেমিকণ্ডাক্টৰ উদ্যোগলৈ ভাবুকি; চাইবাৰ আক্ৰমণৰ পৰা সতৰ্ক হোৱাৰ আহ্বান কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে ছেমিকণ্ডাক্টৰ উদ্যোগক চাইবাৰ...

আজি বিশ্ব গঁড় দিৱস; ভাৰতৰ ক’ত, কিমান এশিঙীয়া গঁড় আছে?

আজি বিশ্ব গঁড় দিৱস। প্ৰতি বছৰে ২২ ছেপ্টেম্বৰত বিশ্বৰ...