সৌৰভ গাংগুলীৰ ঘৰত কি কি খালে অমিত শ্বাহে?

ভাৰতীয় ক্ৰিকেট ব’ৰ্ডৰ প্ৰধান সৌৰভ গাংগুলীৰ কলকাতাস্থিত বাসগৃহত নৈশ আহাৰ গ্ৰহণ কৰে দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহে। পশ্চিমবংগ ভ্ৰমণত থকা অমিত শ্বাহে সৌৰভ গাংগুলীৰ বাসগৃহত অংশ লয় নৈশ ভোজত। বিজেপিৰ এটা সূত্ৰই দাবী কৰা অনুসৰি অমিত শ্বাহে নিজেই সৌৰভ গাংগুলীৰ বাসগৃহলৈ যোৱাৰ ইচ্ছা প্ৰকাশ কৰিছিল। এই বাৰ্তা সৌৰভ গাংগুলীয়ে পোৱাৰ পিছত অমিত শ্বাহক নৈশভোজৰ বাবে আমন্ত্ৰণ জনায়।

FILE PHOTO

নৈশভোজৰ খাদ্য তালিকাত আছিল ভাত, ৰুটি, লুচি, বেঙেনা ভাজি, আলুৰ দম, ভেজিটেব’ল কাটলেট, পনীৰ, দৈ, ৰসোগল্লা আৰু কাজু বৰ্ফি। অৱশ্যে এই নৈশভোজৰ মাজত দুয়োপক্ষই ৰাজনীতি আনিব বিচৰা নাই। কিন্তু এই ক্ষেত্ৰত ৰাজনীতিৰ অনুষংগ আহি পৰিছে। কাৰণ ২০২১ চনৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে সৌৰভ গাংগুলীক মুখ্যমন্ত্ৰী হিচাপে প্ৰক্ষেপ কৰি বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ অনুৰোধ কৰিছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...