বেয়া দিন চলিছে ইমৰান খানৰ, ধৰ্মদ্ৰোহৰ অভিযোগত গ্ৰেপ্তাৰ হ’ব পাকিস্তানৰ প্ৰধানমন্ত্ৰী!

শীঘ্ৰে গ্ৰেপ্তাৰ কৰা হ’ব পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানক। ধৰ্মদ্ৰোহৰ অভিযোগত গ্ৰেপ্তাৰ হ’ব ইমৰান খান। এইকথা প্ৰকাশ কৰিছে পাকিস্তানৰ গৃহমন্ত্ৰী ৰানা চানাউল্লাই। তেওঁ প্ৰকাশ মতে ইমৰান খানৰ নিৰ্দেশত তেওঁৰ একাংশ সমৰ্থকে মদিনাত ৰাজনৈতিক শ্ল’গান দিছিল। সেয়ে ইমৰানৰ বিৰুদ্ধে ধৰ্মদ্ৰোহৰ গোচৰ ৰুজু কৰা হৈছে। এই গোচৰৰ ভিত্তিতে গ্ৰেপ্তাৰ কৰা হ’ব পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীজনক। যোৱা বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে ছৌদি আৰবৰ মদিনা ভ্ৰমণলৈ গৈছিল। সেই সময়তে ইমৰানৰ নিৰ্দেশক্ৰমে তেওঁৰ পাকিস্তান তেহৰিক-ই–ইনছাফ দলৰ একাংশ সদস্যই প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে কেতবোৰ অৱমাননা সূচক শ্লোগান দিয়া বুলি ৰানা ছানাউল্লাই অভিযোগ কৰে। ইমৰানৰ লগতে আন ১৫০জনৰ বিৰুদ্ধেও গোচৰ ৰুজু কৰা হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...