২ পুত্ৰৰ কাজিয়া ভাঙিবলৈ গৈ পুত্ৰৰ হাততে প্ৰাণ গ’ল পিতৃৰ, ঈদ উদযাপন কৰা নহ’ল নুৰ মহম্মদ আলীৰ!

ঈদৰ আনন্দৰ মাজতে চাঞ্চল্যকৰ ঘটনা। পুত্ৰৰ হাতত প্ৰাণ গ’ল ৭০ বছৰীয়া বৃদ্ধ পিতৃৰ৷ দুই পুত্ৰৰ মাজত লগা কাজিয়া ভাঙিবলৈ গৈ পুত্ৰৰ হাততে প্ৰাণ গ’ল পিতৃৰ৷ বৰপেটাৰ কেওটকুছিৰ সমীপৰ পুঠিমাৰী গাঁৱত সংঘটিত হৈছে এই শোকাৱহ ঘটনা৷ মৃত লোকজনৰ নাম নুৰ মহম্মদ আলী৷ দুই পুত্ৰ আছাদুল আলী আৰু ছদিদুল আলীৰ মাজত টকাক লৈ কাজিয়াৰ সূত্ৰপাত ঘটিছিল। আছাদুলে কনিষ্ঠ ভাতৃৰ পৰা বিচাৰিছিল ১ হাজাৰ টকা, পিছে ভাতৃ ছহিদুলে ককায়েকক দিছিল ৫০০ টকা৷ ইয়াকে লৈ দুই ভাতৃৰ মাজত লগা কাজিয়া ভাঙিবলৈ যোৱাত বৃদ্ধ পিতৃৰ অণ্ডকোষত জ্যেষ্ঠ পুত্ৰ আছাদুলে গোৰ মাৰি দিয়াৰ ফলত বৃদ্ধ পিতৃয়ে থিতাতে প্ৰাণ হেৰুৱায়৷ ঈদৰ আনন্দৰ মাজতে এহেজাৰ টকাৰ বাবে দুই ভাতৃৰ মাজৰ কাজিয়া ভাঙিবলৈ যোৱা বৃদ্ধ পিতৃৰ এনে শোকাৱহ মৃত্যুৰ ঘটনাক লৈ অঞ্চলটোত শোকৰ ছাঁ পৰিছে৷ সম্প্ৰতি দুই ভাতৃ পলাতক হৈ আছে৷ সম্প্ৰতি আৰক্ষীয়ে ঘটনাটোৰ অনুসন্ধান আৰম্ভ কৰিছে৷

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

এচচিইআৰটি সঞ্চালিকাৰ ডায়েট বিৰোধী মইমতালি

ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ (এচচিইআৰটি), অসমৰ সঞ্চালিকা...

নিয়মীয়াকৰণ হোৱা শিক্ষকৰ দৰমহাৰ নতুন ব্যৱস্থা

অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা।SRD ২০২৪-২০২৫ৰ অধীনত...

কাজিৰঙাত নিষিদ্ধ হ’ব মোবাইল ফোন

অচিৰেই বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ...

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! জব্দ হ’ল ২৮ কোটি টকা আৰু ১৯ কেজি সোণ।

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! পইচা গণি গণি বিকল...