কিমান ভাল লাগিলে কৰিব পাৰে এই কাম?

শেহতীয়াকৈ মুক্তি লাভ কৰা KGF-2 য়ে মুক্তিৰ পিছতে বক্সঅফিচত খলকনিৰ সৃষ্টি কৰিছে। মুক্তিৰদিনাই ছবিখনে ব্যাপক সঁহাৰি লাভ কৰিছে । যশে অভিনীত এই ছবিখনে দক্ষিণ ভাৰতত ইমান জনপ্ৰিয়তা অৰ্জন কৰিছে যে, যশৰ অনুৰাগী এগৰাকীয়ে তেওঁৰ বিবাহৰ নিমন্ত্ৰণী পত্ৰত KFG-2 ৰ যশৰ এটা সংলাপ ছপা কৰিছে।কৰ্ণাটকৰ নিৱাসী যশৰ অনুৰাগী চন্দ্ৰশেখৰে অতিসোনকালে বিবাহপাশত আৱদ্ধ হ’ব। চন্দ্ৰশেখৰে যশৰ ‘ভায়োলেন্স, ভায়োলেন্স, ভায়োলেন্স, আই ড’ণ্ট লাইক ইট, আই এভোয়েড, বাট ভায়োলন্স লাইক মি এ লট, আই কাণ্ট এভোয়েড’ সংলাপৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ বিবাহৰ নিমন্ত্ৰণী পত্ৰত লিখিছে,‘মেৰিজ , মেৰিজ, মেৰিজ, আই ড’ণ্ট লাইক ইট, আই এভোয়েড, বাট মাই ৰিলেটিভছ লাইক মেৰিজ, আই কাণ্ট এভোয়েড’।
যশৰ অনুৰাগীৰ এনে অভিনৱ পন্থাৰ বাবে বিবাহৰ নিমন্ত্ৰণী পত্ৰৰ ছবিখন সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দৈনিক কিমান কাপ কফি খোৱাটো শৰীৰৰ বাবে ভাল? কফি কেনেকৈ খোৱাটো বেছি উপকাৰী?

দৈনিক কফি খোৱাৰ অভ্যাস আছে নেকি? হৃদৰোগ বিশেষজ্ঞ আৰু...

হৃদযন্ত্ৰৰ নিজস্ব ক্ষুদ্ৰ ‘মগজু’ আছে; আৱিষ্কাৰ কৰিছে বিজ্ঞানীসকলে

বিজ্ঞানীসকলে আৱিষ্কাৰ কৰিছে যে মানুহৰ হৃদযন্ত্ৰত নিজাকৈ এটা সৰু...

চৰাইদেউ আৰু শিৱসাগৰ জিলাত বান বিভীষিকা

এসপ্তাহ পূৰ্বে আচম্বিতে প্ৰলয় নামি আহিছিল চৰাইদেউ আৰু শিৱসাগৰ...