কিমান ভাল লাগিলে কৰিব পাৰে এই কাম?

শেহতীয়াকৈ মুক্তি লাভ কৰা KGF-2 য়ে মুক্তিৰ পিছতে বক্সঅফিচত খলকনিৰ সৃষ্টি কৰিছে। মুক্তিৰদিনাই ছবিখনে ব্যাপক সঁহাৰি লাভ কৰিছে । যশে অভিনীত এই ছবিখনে দক্ষিণ ভাৰতত ইমান জনপ্ৰিয়তা অৰ্জন কৰিছে যে, যশৰ অনুৰাগী এগৰাকীয়ে তেওঁৰ বিবাহৰ নিমন্ত্ৰণী পত্ৰত KFG-2 ৰ যশৰ এটা সংলাপ ছপা কৰিছে।কৰ্ণাটকৰ নিৱাসী যশৰ অনুৰাগী চন্দ্ৰশেখৰে অতিসোনকালে বিবাহপাশত আৱদ্ধ হ’ব। চন্দ্ৰশেখৰে যশৰ ‘ভায়োলেন্স, ভায়োলেন্স, ভায়োলেন্স, আই ড’ণ্ট লাইক ইট, আই এভোয়েড, বাট ভায়োলন্স লাইক মি এ লট, আই কাণ্ট এভোয়েড’ সংলাপৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ বিবাহৰ নিমন্ত্ৰণী পত্ৰত লিখিছে,‘মেৰিজ , মেৰিজ, মেৰিজ, আই ড’ণ্ট লাইক ইট, আই এভোয়েড, বাট মাই ৰিলেটিভছ লাইক মেৰিজ, আই কাণ্ট এভোয়েড’।
যশৰ অনুৰাগীৰ এনে অভিনৱ পন্থাৰ বাবে বিবাহৰ নিমন্ত্ৰণী পত্ৰৰ ছবিখন সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...