এইগৰাকী কংগ্ৰেছী বিধায়কৰ বিৰুদ্ধে হাস্পতালৰ ইটা আৰু শিল চুৰিৰ অভিযোগ

অসম দেশৰ বিষম কথা। এইবাৰ বিধায়কৰ বিৰুদ্ধে চুৰিৰ অভিযোগ। এগৰাকী কংগ্ৰেছী বিধায়কৰ বিৰুদ্ধে উত্থাপিত হৈছে চৰকাৰী সামগ্ৰী চুৰিৰ অভিযোগ। উত্তৰ কৰিমগঞ্জৰ বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে। কৰিমগঞ্জ অসামৰিক চিকিত্সালয়ৰ নিৰ্মীয়মান ক’ভিড হাস্পতালৰ ইটা আৰু শিল ব্যক্তিগত কামত ব্যবহাৰ কৰাৰ অভিযোগ উত্তৰ কৰিমগঞ্জৰ বিধায়ক কমলাক্ষ দে পুৰকায়স্থৰ বিৰুদ্ধে। চৰকাৰী সামগ্ৰী ট্ৰাকত তুলি লৈ যোৱাৰ সময়ত বিষয়টো নজৰত পৰিছিল কৰিমগঞ্জ অসামৰিক চিকিত্সালয় কৰ্তৃপক্ষৰ। তেনে সময়ত ট্ৰাকৰ চালকজনক হাস্পতাল কৰ্তৃপক্ষই সোধা-পোছা কৰাত পোহৰলৈ আহে এই তথ্য। ট্ৰাকৰ চালকে স্বীকাৰোক্তি দিয়ে যে বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থই সামগ্ৰীখিনি লৈ যোৱাৰ বাবে প্ৰেৰণ কৰিছিল ট্ৰাকখন। এগৰাকী বিধায়কৰ বিৰুদ্ধে উত্থাপিত এই অভিযোগৰ পিছতে বৰাকত অব্যাহত আছে প্ৰতিক্ৰিয়া ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দৈনিক কিমান কাপ কফি খোৱাটো শৰীৰৰ বাবে ভাল? কফি কেনেকৈ খোৱাটো বেছি উপকাৰী?

দৈনিক কফি খোৱাৰ অভ্যাস আছে নেকি? হৃদৰোগ বিশেষজ্ঞ আৰু...

হৃদযন্ত্ৰৰ নিজস্ব ক্ষুদ্ৰ ‘মগজু’ আছে; আৱিষ্কাৰ কৰিছে বিজ্ঞানীসকলে

বিজ্ঞানীসকলে আৱিষ্কাৰ কৰিছে যে মানুহৰ হৃদযন্ত্ৰত নিজাকৈ এটা সৰু...

চৰাইদেউ আৰু শিৱসাগৰ জিলাত বান বিভীষিকা

এসপ্তাহ পূৰ্বে আচম্বিতে প্ৰলয় নামি আহিছিল চৰাইদেউ আৰু শিৱসাগৰ...