CSKৰ অনুৰাগীসকলৰ বাবে বেয়া খবৰ!

CSKৰ অনুৰাগীসকলৰ বাবে বেয়া খবৰ! কিয়নো,আঘাতৰ বাবে iplৰ ১৫সংখ্য়ক সংস্কৰণত আৰু অধিক খেলিব নোৱাৰিব CSKৰ মুখ্য বলাৰ দীপক চাহাৰে। দীপক চাহাৰে পিঠিৰ আঘাতৰ বাবে আই পি এল ২০২২ৰ পৰা বিদায় লৈছে । চেন্নাই চুপাৰ কিংছ মেনেজমেণ্টৰ বাবে এইটো এটা ডাঙৰ আঘাত। কিয়নো তেওঁলোকৰ মুখ্য বলাৰে আই পি এলৰ ১৫সংখ্য়ক সংস্কৰণৰ পৰৱৰ্তী খেলসমূহত অৱতীৰ্ণ হ’ব নোৱাৰিব। দীপক চাহাৰক তেওঁ পুৰণি ফ্ৰেঞ্চাইজিয়ে আই পি এলৰ মেগা নিলামত ১৪ কোটি টকাত ঘূৰাই আনিছিল। ফেব্ৰুৱাৰীত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে তৃতীয় টি-২০ৰ পিছত বলিং অলৰাউণ্ডাৰজনে আঘাতত ভুগিছিল,তেওঁ স্পেল সম্পূৰ্ণ কৰাত ব্যৰ্থ হোৱাৰ পিছত খেলপথাৰৰ পৰা ওলাই গৈছিল। ডাঙৰ শ্বট খেলাতো পাৰদৰ্শী চাহাৰে যোৱা বছৰ CSKৰ সফলতাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

কলকাতা নাইট ৰাইডাৰ্ছে (KKR)আই পি এল ২০২২ বৰ্ষৰ বাকী সময়ছোৱাত পেচাৰ ৰাছিখ ছালামৰ সলনি দ্ৰুত বলাৰ হৰ্ষিত ৰাণাক চুক্তিবদ্ধ কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...

ভাৰতলৈ আহিছে পুটিন… সিফালে চীন পালেগৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণ কৰাৰ...

পুটিনৰ ভাৰত ভ্ৰমণঃ বাণিজ্যৰ পৰা মহাকাশলৈ এই ৮টা ক্ষেত্ৰত স্বাক্ষৰিত হ’ব বৃহৎ চুক্তি

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ভাৰত ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত...