শিক্ষকৰূপী এগৰাকী আৰক্ষী, পদপথেই পঢ়াশালি

শিক্ষকৰূপী এগৰাকী আৰক্ষী। নাম প্ৰকাশ ঘোষ। চাউথ ইষ্ট ট্ৰেফিক গাৰ্ডৰ চাৰ্জেন্ট হিচাপে কৰ্মৰত প্ৰকাশ। বালিগঞ্জ আইটিআইৰ ওচৰত কৰ্তব্যৰত অৱস্থাত প্ৰতিদিনে এটি শিশুক তেওঁ খেলি থকা দেখিবলৈ পাইছিল৷ তৃতীয় শ্ৰেণীত অধ্যয়নৰত শিশুটি। শিশুটিৰ মাতৃয়ে ওচৰৰ পথৰ কাষৰ ভোজনালয়ত কাম কৰে। শিশুটিৰ উন্নত ভৱিষ্যতৰ আশাত শিশুটিৰ মাতৃয়ে শিশুটিক এখন চৰকাৰী বিদ্যালয়ত অতি কষ্টেৰে পঢ়োৱাই আছে। মাতৃগৰাকীয়ে তেওঁৰ সন্তানৰ বাবে যথেষ্ট আশা কৰে কিন্তু তেওঁৰ সপোনৰ দৰিদ্ৰতাই হৈ পৰিছে৷

তেওঁলোকৰ এই সমস্যাত প্ৰকাশে যিমান পাৰে সহায় কৰাৰ প্ৰতিশ্ৰুতি দিছিল। প্ৰকাশৰ যিদিনা কৰ্তব্যত থাকে তেওঁ শিকোৱাৰ বাবে সময় উলিয়াই লয়। প্ৰকাশে শিশুটিক হোমৱৰ্ক দিয়ে আৰু ইয়াক চোৱা, বানানৰ ভুল, উচ্চাৰণ, হস্তাক্ষৰ সংশোধন কৰা, এই সকলোবোৰ প্ৰকাশে কৰি দিয়ে।

পুত্ৰৰ নিৰন্তৰ বিকাশৰ ফলস্বৰূপে, শিক্ষকৰূপী প্ৰকাশৰ ওপৰত মাতৃৰ অসীম আস্থাৰ জন্ম হৈছে। বৰ্তমান সময়ত চাৰ্জেন্ট প্ৰকাশ ঘোষে তেওঁৰ দুয়োটা কৰ্তব্য সমান দক্ষতাৰে চম্ভালি আছে। ট্ৰেফিক পুলিচজনে ফুটপাথতে এটি শিশুক শিকাই থকাৰ দৃশ্য এতিয়া ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...

ভাৰতলৈ আহিছে পুটিন… সিফালে চীন পালেগৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণ কৰাৰ...

পুটিনৰ ভাৰত ভ্ৰমণঃ বাণিজ্যৰ পৰা মহাকাশলৈ এই ৮টা ক্ষেত্ৰত স্বাক্ষৰিত হ’ব বৃহৎ চুক্তি

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ভাৰত ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত...