পৰিয়ালৰ দাবী, যুৱক জনক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়া হৈছে!

ছৌদী আৰব’ত মৃত্যু কৰিমগঞ্জৰ যুৱকৰ । পৰিয়ালৰ দাবী, যুৱক জনক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়া হৈছে। দিবলগীয়া টকা নোপোৱাৰ বাবে হত্যা কৰাৰ অভিযোগ। ন্যায় বিচাৰি মুখ্যমন্ত্ৰীৰ ওচৰত কাতৰ আবেদন ভুক্তভোগী পৰিয়ালৰ।

কৰিমগঞ্জৰ মানিককোনা গাঁওৰ আতিকুৰ ৰহমান নামৰ এগৰাকী যুৱকৰ ছৌদি আৰব’ত হোৱা মৃত্যুৰ ঘটনাই গাঁৱখনত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে । যোৱা ৩ এপ্ৰিলত চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ পৰা আতিকুৰ ৰহমান’ৰ মৃত্যুৰ খবৰ লাভ কৰাৰ পিছত পৰিয়ালৰ ওপৰত এক প্ৰকাৰ আকাশ ভাঙি পৰে। মাড়েৰা গাঁৱৰ আলবাবুৰ ৰহমান নামৰ এজন যুৱকৰ যোগেদি আতিকুৰ ৰহমান নামৰ যুৱক জন কুয়েতলৈ গৈছিল চাকৰিৰ বাবে । যোৱাৰ পূৰ্বে পৰিয়ালৰ লোকে ৭০ হাজাৰ টকা আলবাবুৰ ৰহমান নামৰ যুৱকজনক প্ৰদান কৰিছিল, কথা আছিল বাকি থকা টকা পিছত দিয়াৰ। পৰিয়ালৰ অভিযোগ মতে, ছৌদী আৰব’ত সংস্থাপনৰ পিছৰে পৰাই আলবাবুৰ ৰহমানে আতিকুৰ ৰহমানৰ পৰা বাকি থকা টকাখিনি প্ৰায় প্ৰতিদিন বিচাৰি আছিল। ইয়াৰ মাজত যোৱা ৩ তাৰিখে আতিকুৰ ৰহমানৰ মৃত্যুৰ সংবাদ পৰিয়ালৰ লোকে লাভ কৰে।

পিছে ছৌদী আৰবত থকা কৰিমগঞ্জৰ আন লোকৰ সহযোগিতাত আতিকুৰ ৰহমানৰ মৃত্যুৰ পিছৰ ফটোগ্ৰাফ সংগ্ৰহ কৰাৰ পিছত আতিকুৰৰ পৰিয়ালৰ দাবী,আতিকুৰ ৰহমানে আত্মহত্যা কৰা নাছিল, কিয়নো সম্পূৰ্ণ শৰীৰত আঘাতৰ চিন থকা বুলি উল্লেখ কৰিছে পৰিয়ালৰ লোকে। আনকি বাকি থকা টকাৰ বাবেই আতিকুৰ ৰহমান’ক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা চলোৱা হৈছে বুলি অভিযোগ উত্থাপন কৰিছে আতিকুৰ ৰহমান’ৰ পৰিয়ালৰ লোকে আৰু আতিকুৰ’ৰ মৃতদেহ ঘৰলৈ অনাৰ বাবে অসম চৰকাৰ তথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ কামনা কৰিছে আতিকুৰ ৰহমানৰ মাতৃয়ে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

আৰ ই চি ৰাষ্ট্ৰীয় মুকলি প্ৰতিভা সন্ধানী বক্সিং

বক্সিং ফেডাৰেছন অব ইণ্ডিয়া ৰ সহযোগিতাত অসম এমেচাৰ...

অৱশেষত আৰক্ষীয়ে বিচাৰি পালে চুমি বৰাৰ হীৰাৰ আঙুঠি

অৱশেষত আৰক্ষীয়ে বিচাৰি পালে চুমি বৰাৰ হীৰাৰ আঙুঠি। আঙুঠিটোৰ...

মহানগৰীৰ ৰাণীত শতাধিক লোকৰ প্ৰতিবাদ

মহানগৰীৰ ৰাণীত শতাধিক লোকৰ প্ৰতিবাদ। ৰাণী ব্লক স্থানান্তৰ কৰাক...

ধিঙত আকৌ ধৰ্ষণৰ ঘটনা সংঘটিত হ’ল

ধিঙত ইমান ধৰ্ষণকাৰী ক’ৰপৰা আহিল? শেহতীয়া ঘটনাটো মনত আছেনে?...