বৰষুণৰ ফলত ফেনে-ফোটোকাৰে উফন্দি উঠিছে মহাবাহু ব্ৰহ্মপুত্ৰ

চ’ত মহীয়া বানত ককবকাইছে লাইকা দধীয়াৰ ৰাইজে। যোৱা কেইবাদিনো ধৰি নেৰানেপেৰাকৈ বৰষুণ দি থকাৰ বাবে চাবুৱাৰ লাইকা, দধীয়াত বানৰ সংহাৰীৰূপ। ক্ৰমে ব্ৰক্ষ্মপুত্ৰ আৰু ডিব্ৰু নদীৰ জলপৃষ্ঠ বাঢ়ি অহাত লাইকা, দধীয়াবাসী শংকিত হৈ পৰিছে। ৬দিন ধৰি ধাৰাবাহিকভাৱে হোৱা নেৰা নেপেৰা বৰষুণৰ ফলত ফেনে ফোটোকাৰে উফন্দি উঠিছে মহাবাহু ব্ৰহ্মপুত্ৰ। বছৰৰ প্ৰথমটো বানত জলমগ্ন হৈ পৰিছে ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ লগতে লাইকা দধীয়াৰ বিস্তৃৰ্ণ অঞ্চল। ব্ৰক্ষ্মপুত্ৰৰ প্ৰৱল সোঁতত যোৱা ৩ দিনৰ পৰা দধীয়ালৈ নাৱেৰে যাব পৰা নাই দধীয়াবাসী। প্ৰতিবছৰে বানত জ্বলাকলা খোৱা ৰাইজে জলসম্পদ বিভাগৰ বিৰুদ্ধে উজাৰিছে ক্ষোভ।

বাৰিষাৰ পূৰ্বে জলমগ্ন তিনিচুকীয়াৰ বাৰেকুৰি অঞ্চলৰ কেইবাখনো গাঁও। মাগুৰি-মটাপুং বিলৰ নৱ-নিৰ্মিত মথাউৰি চিঙাৰ ফলত জলমগ্ন হৈ পৰিছে বৃহত্তৰ অঞ্চলটো। পানীৰ তলত পকী পথ সমূহ। টুলুঙা নাৱেৰে বিপদসংকুল যাত্ৰা অব্যাহত ৰাখিছে অঞ্চলটোৰ ৰাইজে। ইফালে খোৱাপানী আৰু আশ্ৰয়ৰ সন্ধানত হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে সাধাৰণ লোকৰ মাজত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...