ক্ৰমাগতভাৱে ১১ দিনলৈ বাঢ়িল তেলৰ দাম, কোন জিলাত কিমান দাম?

ধাৰাবাহিক মূল্যবৃদ্ধিত ত্ৰাহি মধুসূদন সুঁৱৰিছে সাধাৰণ জনতাই। ক্ৰমাগতভাৱে ১১ দিনলৈ বাঢ়িল পেট্ৰ’ল-ডিজেলৰ দাম। আজি প্ৰতিলিটাৰ পেট্ৰ’লত বৃদ্ধি পালে ৮৮ পইচা, প্ৰতিলিটাৰ ডিজেল বাঢ়িল ৮৪ পইচা। গুৱাহাটীত প্ৰতিলিটাৰ পেট্ৰ’লৰ দাম হ’লগৈ ১০২.৯১ টকা। গুৱাহাটীত ডিজেলৰ দাম হ’লগৈ প্ৰতিলিটাৰত ৮৮.৭৭ টকা। মাজুলীত সৰ্বাধিক প্ৰতিলিটাৰ পেট্ৰ’লৰ দাম ১০৫.০২ টকা। বৰপেটাত প্ৰতিলিটাৰ পেট্ৰ’লৰ দাম ১০৩.৯৫ টকা। বঙাইগাঁৱত প্ৰতিলিটাৰ পেট্ৰ’লৰ দাম ১০২.৫০ টকা। ধেমাজিত প্ৰতিলিটাৰৰ দাম হ’লগৈ ১০৪.৩৮ টকা। ডিমা হাছাওত প্ৰতিলিটাৰত ১০৪.৭৯ টকা। কৰিমগঞ্জত আজি পেট্ৰ’লৰ মুল্য ১০৩.৫২ টকা, ডিজেলত লিটাৰত ৮৯.৩৯ টকা। আনহাতে, কাছাৰ জিলাত পেট্ৰলৰ মুল্য ১০৩.৩৩ টকা হোৱাৰ বিপৰীতে ডিজেলৰ মূল্য ৮৯.২০ টকা। একেদৰে, হাইলাকান্দি জিলাত আজি পেট্ৰল’ৰ মূল্য ১০৩.৮৬ আৰু ডিজেলৰ মূল্য ৮৯.৬৯ টকা। জোনাইত আজি পেট্ৰলৰ দাম ১০৩.৮০ টকা আৰু ডিজেলত লিটাৰত ৮৯.৫৯ টকা। ঢকুৱাখনাত আজিৰ দিনটোত পেট্ৰ’লত ১০৫.৮৭ টকা আৰু ডিজেলত ৯১.৫৪ টকা হৈছেগৈ। ইফালে নাৰায়ণপুৰত আজি পেট্ৰ’লৰ দাম প্ৰতি লিটাৰত ১০৬. ৫১ টকা হোৱাৰ বিপৰীতে ডিজেলত ৯১.৭৪ টকালৈ বৃদ্ধি পাইছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...