ৰাজ্যসভাৰ মজিয়াত ইতিহাস ৰচিলে বিজেপিয়ে, ১০০খন আসন স্পৰ্শ কৰা দলত পৰিণত বিজেপি

১৯৯০ চনৰ পিছত প্ৰথমবাৰলৈ ৰাজ্যসভাত ১০০খন আসন স্পৰ্শ কৰা দল হিচাপে পৰিগণিত হ’ল ভাৰতীয় জনতা পাৰ্টী। একপ্ৰকাৰৰ ৰাজ্যসভাৰ মজিয়াত ইতিহাস ৰচিলে গেৰুৱা দলটোৱে। ত্ৰিপুৰা, নাগালেণ্ড আৰু অসমত ৰাজ্যসভাৰ প্ৰাৰ্থী জয়ী হোৱাৰ পিচতে সদস্যৰ সংখ্যা বৃদ্ধি পায় বিজেপিৰ। বৰ্তমান বিজেপিৰ ৰাজ্যসভাৰ সাংসদৰ সংখ্যা ১০১জনলৈ বৃদ্ধি। শেহতীয়াকৈ দেশৰ ৫ খন ৰাজ্যৰ পৰা ১৩ খন ৰাজ্যসভাৰ আসনৰ বাবে হৈছিল নিৰ্বাচন। ইয়াৰে পঞ্জাৱত বিনা প্ৰতিদ্বন্দ্বিতাৰে আম আদমী পাৰ্টীৰ ৫জন সাংসদ নিৰ্বাচিত হয়। বিধায়কৰ সংখ্যা নথকাৰ বাবে পঞ্জাৱৰ আসনখন বিজেপিয়ে হেৰুৱালেও উত্তৰ-পূবৰ ৩ ৰাজ্য আৰু হিমাচল প্ৰদেশৰ আসনখন লাভ কৰে ভাৰতীয় জনতা পাৰ্টীয়ে। ইয়াৰ লগে লগে বিজেপিৰ আসনৰ সংখ্যা ১০০ৰ অধিক হয় আৰু ৩২ বছৰৰ মূৰত এই কৃতিত্বৰ অধিকাৰী হোৱা প্ৰথমটো ৰাজনৈতিক দল হিচাপে বিবেচিত হয় ভাৰতীয় জনতা পাৰ্টী। উল্লেখ্য যে, ২০১৪ চনত ৰাজ্যসভাত বিজেপিৰ সদস্যৰ সংখ্যা আছিল ৫৫ জন। কিন্তু কেন্দ্ৰত নৰেন্দ্ৰ মোদীৰ নেতৃত্বত চৰকাৰ গঠন হোৱাৰ পিছৰে পৰা নিৰন্তৰভাবে বৃদ্ধি পাব ধৰে ৰাজ্যসভাত বিজেপিৰ সাংসদৰ সংখ্যা। কেইবাখনো ৰাজ্যত চৰকাৰ গঠন কৰিবলৈ সক্ষম হোৱাৰ বাবে এই সফলতা পোৱাত সহায়ক হৈ পৰিছে ভাৰতীয় জনতা পাৰ্টীৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...