ক্ৰিকেট বিশ্বত ইতিহাস ৰচিবৰ বাবে অপেক্ষাৰত ক্ৰাইষ্টচাৰ্চ

৩ এপ্ৰিলত মহিলা বিশ্বকাপৰ ফাইনেলত মুখামুখি হ’ব অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ইংলেণ্ডে। নিউজিলেণ্ডৰ ক্ৰাইষ্টচাৰ্চত মহিলা বিশ্বকাপৰ খিতাপ দখলৰ যুঁজত দুই শক্তিধৰ মহিলা। এই ফাইনেলতে ইতিহাস ৰচিব এগৰাকী ভাৰতীয়ই। প্ৰথমবাৰলৈ আই চি চি আন্তৰাষ্ট্ৰীয় পেনেলৰ মেচ ৰেফাৰী ভাৰতৰ জি এছ লক্ষ্মীয়ে ফাইনেলখনত দায়িত্ব পালন কৰিব মেচ ৰেফাৰী হিচাপে। পুৰুষৰ মেচতো মেচ ৰেফাৰীৰ দায়িত্বত থকা প্ৰথম গৰাকী মহিলা জি এছ লক্ষ্মী। কেৱল সেয়াই নহয় প্ৰথমবাৰলৈ ৪গৰাকী মহিলা আম্পায়াৰে চম্ভালিব বিশ্বকাপ ফাইনেলৰ দায়িত্ব। যাৰ বাবে আজি ICC-এ টুইটাৰ যোগে প্ৰকাশ কৰে – ক্ৰিকেট বিশ্বত ইতিহাস ৰচিবৰ বাবে অপেক্ষাৰত নিউজিলেণ্ডৰ ক্ৰাইষ্টচাৰ্চ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

নেপালত পুনৰ ভয়াৱহ বানৰ আশংকা, চীনৰ সতৰ্কবাণী

নেপালত পুনৰ ভয়ংকৰ আকস্মিক বানৰ ‘উচ্চ আশংকা’ — চীনৰ...

ব্ৰাজিলৰ পিছত ভাৰতত খেলিব দুবাৰৰ FIFA বিশ্বকাপ বিজয়ী উৰুগুৱে

ভাৰতীয় ফুটবলৰ বাবে আহি আছে এক ঐতিহাসিক ক্ষণ। পাঁচবাৰৰ...

মহাৰাষ্ট্ৰৰ টেক্সি আৰু অটো চালকসকলৰ বাবে সকাহ: মাৰাঠী ভাষা শিকিবলৈ ১ বছৰ সময় বান্ধি দিলে চৰকাৰে

মহাৰাষ্ট্ৰ চৰকাৰে অনা-মাৰাঠীভাষী টেক্সি আৰু অটো-ৰিক্সা চালকসকলৰ বাবে এক...