বিশ্বব্ৰহ্মাণ্ডলৈ যাব খোজে নেকি আপুনি? ২০২৭ত মুকলি হ’ব স্পেচ হোটেল!

এখন বিশেষ হোটেলক লৈ চলিছে চৰ্চা। যিখন হোটেল আপুনি মই ভৱা ধৰণে তেনেই সাধাৰণ হোটেল নহয়। সঁচাকৈয়ে আচৰিত এতিয়াৰ বিজ্ঞান প্ৰযুক্তি। এই যে হোটেলখন দেখিছে, হোটেলখন আচলতে নিৰ্মাণ কৰি থকা হৈছে আকাশ মাৰ্গত। আকাশমাৰ্গৰ বিশ্বব্ৰহ্মাণ্ডত ওপঙি থাকিব এই হোটেলখন। ২০২৭ চনত মুকলি কৰিব অৰ্বিটাল এচেম্বলী কৰ্পোৰেচনৰ দ্বাৰা নিৰ্মাণ হৈ থকা এই স্পেচ হোটেল।

হোটেল মুকলি হোৱাৰ পিছতে আপুনিও সময় কটাব পাৰিব স্পেচ হোটেলত। যাৰ বাবে আপুনি পৰিশোধ কৰিব লাগিব বৃহত পৰিমাণৰ ধনৰাশি। দেখাত কুৰুজৰ জাহাজৰ দৰে হ’ব এই হোটেলখন।
যিখন হোটেলখনত ২৪টা মডিউল উপলব্ধ হব আৰু এলিভেটৰৰ জৰিয়তে ইজনে আনজনৰ সৈতে সংযোগ স্থাপন কৰিব পাৰিব। অৰ্বিটেল এচেম্বলী কৰ্পোৰেচন কোম্পানীটোৱে জনোৱা অনুসৰি জেষ্ঠ ডিজাইনাৰ, আৰ্কিটেক্ট টিম আলটৰে সংবাদ মাধ্যমক জনোৱা অনুসৰি এই হোটেলখন আকাশমাৰ্গত ঘূৰ্ণীয়মান অৱস্থাত থাকিব, যেনেদৰে পানী ভৰ্তি বাল্টি এটা যিদৰে ঘূৰে ঠিক একেদৰে এই হোটেল খনো ঘূৰিব। লগতে আপুনি বিচৰা সকলো ধৰণৰ সা-সুবিধা উপলব্ধ হব এই বিশেষ হোটেলখনত।

হোটেলখনত বিভিন্ন সা-সুবিধা থকাৰ লগতে নিৰ্মাণ কৰা হৈছে এখন বিশাল আকৃতিৰ খেলপথাৰো, য’ত ব্যক্তিসকলে বিভিন্ন ধৰণৰ খেল খেলিব পাৰিব। হোটেল নিৰ্মাণ কোম্পানীৰ বিষয়াসকলে জনোৱা অনুসৰি যিসকল ব্যক্তিয়ে বিশ্বব্ৰহ্মাণ্ড ভ্ৰমণ কৰিব বিচাৰে সেইসকল ব্য়ক্তিৰ বাবে এই হোটেলখনত ভ্ৰমণৰ জৰিয়তে নিজৰ মনৰ ইচ্ছা পূৰণ কৰিব পাৰিব। যিসকল ব্যক্তিৰ হাতত যথেষ্ট ধন থকাৰ পিছতো মহাকাশ ভ্ৰমণ কৰিব নোৱাৰে সেই সকলে ব্যক্তিয়ে প্ৰথমে এই হোটেলখন বাচনি কৰিব পাৰিব। অৱশ্যে বিজ্ঞানীসকলে বিভিন্ন গ্ৰহত মানুহ থকাৰ বাবে বহু গৱেষণা কৰিছে যদিও এতিয়ালৈকে সম্ভৱপৰ হৈ উঠা নাই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...