ৰাজ্য প্ৰশাসনত পুনৰ ৰদবদল, কোন জিলাত কাক দায়িত্ব?

কামৰূপ(মঃ) জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাক অতিৰিক্ত দায়িত্ব প্ৰদান কৰা হৈছে। গুৱাহাটী স্মাৰ্ট চিটীৰ পৰিচালন সঞ্চালকৰ দায়িত্বও পল্লৱ গোপাল ঝাক প্ৰদান কৰিছে।

আনহাতে, বজালীৰ উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰীক বদলি কৰা হৈছে। মাধ্যমিক শিক্ষা বিভাগৰ সচিব ৰূপে নিযুক্তি দিয়া হৈছে ভাৰত ভূষণ দেৱ চৌধুৰীক।

কাবেৰী বৰকাকতিক বজালীৰ উপায়ুক্ত নিযুক্তি দিয়া হৈছে। কাবেৰী বৰকাকতি আছিল পৰ্যটন বিভাগৰ যুটীয়া সচিব।

একেদৰে, বঙাইগাঁৱৰ উপায়ুক্ত ড০ লক্ষ্মী প্ৰিয়াক বদলি কৰা হৈছে। NHMৰ সঞ্চালক ৰূপে নিযুক্তি দিয়া হৈছে ড০ লক্ষ্মী প্ৰিয়াক।

নৱজিৎ পাঠক হ’ব বঙাইগাঁৱৰ নতুন উপায়ুক্ত। ৰাজ্য চৰকাৰৰ যুটীয়া সচিবৰ দায়িত্বত আছিল নৱজিৎ পাঠক। ধেমাজিৰ উপায়ুক্ত পি বিজয়া ভাস্কৰ ৰেড্ডীক বদলি কৰা হৈছে। ৰেড্ডীৰ স্থানত অসীম কুমাৰ ভট্টাচাৰ্য হ’ব ধেমাজিৰ নতুন উপায়ুক্ত।

আনহাতে, শোণিতপুৰৰ উপায়ুক্ত ভূপেশ দাসক বদলি কৰা হৈছে। বিশ্বনাথৰ উপায়ুক্ত দেৱকুমাৰ মিশ্ৰ হ’ব শোণিতপুৰৰ উপায়ুক্ত ৰূপে বদলি কৰা হৈছে। মুনীন্দ্ৰ নাথ ঙাটে হ’ব বিশ্বনাথৰ নতুন উপায়ুক্ত। আজি এক নিৰ্দেশনাযোগে এই কথা প্ৰকাশ কৰিছে ৰাজ্য চৰকাৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

USTMত ১০ ফেব্ৰুৱাৰীৰ পৰা AIU (পূব) আন্তঃবিশ্ববিদ্যালয় হেণ্ডবল প্ৰতিযোগিতা ২০২৫–২৬

আগন্তুক ১০ ফেব্ৰুৱাৰীৰ পৰা ১৪ ফেব্ৰুৱাৰীলৈকে USTMৰ ক্ৰীড়া কমপ্লেক্সত...

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...