ৰাজ্য প্ৰশাসনত পুনৰ ৰদবদল, কোন জিলাত কাক দায়িত্ব?

কামৰূপ(মঃ) জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাক অতিৰিক্ত দায়িত্ব প্ৰদান কৰা হৈছে। গুৱাহাটী স্মাৰ্ট চিটীৰ পৰিচালন সঞ্চালকৰ দায়িত্বও পল্লৱ গোপাল ঝাক প্ৰদান কৰিছে।

আনহাতে, বজালীৰ উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰীক বদলি কৰা হৈছে। মাধ্যমিক শিক্ষা বিভাগৰ সচিব ৰূপে নিযুক্তি দিয়া হৈছে ভাৰত ভূষণ দেৱ চৌধুৰীক।

কাবেৰী বৰকাকতিক বজালীৰ উপায়ুক্ত নিযুক্তি দিয়া হৈছে। কাবেৰী বৰকাকতি আছিল পৰ্যটন বিভাগৰ যুটীয়া সচিব।

একেদৰে, বঙাইগাঁৱৰ উপায়ুক্ত ড০ লক্ষ্মী প্ৰিয়াক বদলি কৰা হৈছে। NHMৰ সঞ্চালক ৰূপে নিযুক্তি দিয়া হৈছে ড০ লক্ষ্মী প্ৰিয়াক।

নৱজিৎ পাঠক হ’ব বঙাইগাঁৱৰ নতুন উপায়ুক্ত। ৰাজ্য চৰকাৰৰ যুটীয়া সচিবৰ দায়িত্বত আছিল নৱজিৎ পাঠক। ধেমাজিৰ উপায়ুক্ত পি বিজয়া ভাস্কৰ ৰেড্ডীক বদলি কৰা হৈছে। ৰেড্ডীৰ স্থানত অসীম কুমাৰ ভট্টাচাৰ্য হ’ব ধেমাজিৰ নতুন উপায়ুক্ত।

আনহাতে, শোণিতপুৰৰ উপায়ুক্ত ভূপেশ দাসক বদলি কৰা হৈছে। বিশ্বনাথৰ উপায়ুক্ত দেৱকুমাৰ মিশ্ৰ হ’ব শোণিতপুৰৰ উপায়ুক্ত ৰূপে বদলি কৰা হৈছে। মুনীন্দ্ৰ নাথ ঙাটে হ’ব বিশ্বনাথৰ নতুন উপায়ুক্ত। আজি এক নিৰ্দেশনাযোগে এই কথা প্ৰকাশ কৰিছে ৰাজ্য চৰকাৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...