আজি ভাৰতলৈ আহিব ৰাছিয়াৰ বৈদেশিক মন্ত্ৰী, কিয় বিশ্বজুৰি চৰ্চা?

ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ চলি থকাৰ মাজতে আজি ভাৰতলৈ আহিব ৰাছিয়াৰ বৈদেশিক মন্ত্ৰী ছেৰ্গেই লাভৰভ। দুদিনীয়া চৰকাৰী ভ্ৰমণসূচী লৈ নতুন দিল্লীলৈ আহিব বিদেশ মন্ত্ৰীগৰাকী। মূলতঃ বাণিজ্যিক তথা প্ৰতিৰক্ষা সম্পৰ্কীয় বিষয়সমূহেই আগস্থান পোৱাৰ সম্ভাৱনা আছে। ৰাছিয়াৰ বিদেশ মন্ত্ৰীগৰাকীয়ে ভাৰতৰ শীৰ্ষ বিষয়াৰ সৈতে আলোচনাত মিলিত হোৱাৰ সম্ভাৱনা আছে। উল্লেখ্য যে, ৰাষ্ট্ৰসংঘত ৰাছিয়াই উত্থাপন কৰা ইউক্ৰেইন সম্পৰ্কীয় প্ৰস্তাৱত ভাৰতে ভোটদানৰ পৰা বিৰত আছিল। তাৰ পিছতো ৰাছিয়াৰ বিদেশ মন্ত্ৰীৰ ভাৰত ভ্ৰমণে বিশেষ তাৎপৰ্য বহন কৰিছে। একাংশ সমালোচকৰ মতে, বিশ্বৰ প্ৰায় ৭০ শতাংশ তেল উৎপাদন কৰা ৰাছিয়াই ভাৰতৰ বজাৰখন ইউক্ৰেইন যুদ্ধৰ অচিলালৈ হেৰুৱাব বিচৰা নাই। অৱশ্য়ে দীৰ্ঘদিনে ভাৰত-ৰাছিয়াৰ মাজত গঢ়ি উঠা সম্বন্ধৰ অংশ ৰূপে সৌজন্যমূলক ভ্ৰমণ বুলি ক’ব খোজে একাংশই।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

অসমৰ মাটিত আহি নাগালেণ্ড প্ৰশাসনৰ ধমক

অসম–নাগালেণ্ড সীমান্তত পুনৰ উত্তেজনা। অসমৰ মাটিত আহি নাগালেণ্ড প্ৰশাসনৰ...

সোণাপুৰৰ ধাবাত খাদ্য গ্ৰহণ কৰিবলৈ লৈ চকু কপালত উঠিল আৰক্ষীৰ

আপুনিও য'তে ত'তে খাদ্য গ্ৰহণ কৰে নেকি? ধাবা-ৰিজ'ৰ্টত খাদ্য...

আজি পুনৰ CID কাৰ্যালয়ত হাজিৰ হ’ব লাগিব ইউটিউবাৰ অভিষেক কৰ

আজি পুনৰ CID কাৰ্যালয়ত হাজিৰ হ’ব লাগিব ইউটিউবাৰ অভিষেক...

চেম্পিয়নছ ট্ৰফীৰ পৰা বাহিৰ যশপ্ৰীত বুমৰাহ

চেম্পিয়নছ ট্ৰফীৰ পূৰ্বে ভাৰতীয় শিবিৰলৈ বেয়া খবৰ। বুমৰাহ বিহীন...