১০৬ টকা চুলেগৈ পেট্ৰ’লৰ দাম, ১০ দিনত ৯ বাৰ বাঢ়িল ইন্ধনৰ দাম

আজি পুনৰ বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ দাম। ১০ দিনত ৯ বাৰ বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ দাম। আজি প্ৰতিলিটাৰ পেট্ৰ’লত ৮৯ পইচা দাম বৃদ্ধি পালে অসমত। আনহাতে, প্ৰতিলিটাৰ ডিজেলত বৃদ্ধি পালে ৮৪ পইচাকৈ। গুৱাহাটীত আজি পেট্ৰ’লৰ দাম হ’লগৈ ১০১.৬৭ টকা। প্ৰতিলিটাৰ ডিজেলত গুৱাহাটীত দাম ৮৭.৫৯ টকা। ঢকুৱাখনাত প্ৰতিলিটাৰ পেট্ৰ’লৰ দাম ১০৪.৯৯ টকা। মাজুলীত পেট্ৰ’লৰ দাম প্ৰতিলিটাৰত ১০৪.১৩ টকা। আনহাতে, অসমৰ ভিতৰত সৰ্বাধিক বৰপেটাৰোডত পেট্ৰ’লৰ দাম প্ৰতিলিটাৰত ১০৬.২৫ টকা। ড‍বকাত আজি পেট্ৰ’লৰ দাম ১০২.৫৬ টকা, ডিজেলৰ ৮৮.৪৪ টকা। পেট্ৰ’পণ্যৰ অভাৱনীয় মূল্যবৃদ্ধিয়ে কোঙা কৰিছে ৰাজ্যৰ সৰ্বসাধাৰণক। ১০ দিনত ৭ টকাতকৈও অধিক বাঢ়িল প্ৰতিলিটাৰ পেট্ৰ’লৰ মূল্য। দৈনিক ৰাজ্যৰ ন ন প্ৰান্তত শতকৰ ঘৰ অতিক্ৰম কৰিছে পেট্ৰ’লৰ দামে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...