ভাল খবৰ! কাজিৰঙাত বৃদ্ধি পাইছে গঁড়ৰ সংখ্যা

ঘোষণা হ’ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান তথা ব্যাঘ্ৰ প্ৰকল্পত শেহতীয়াকৈ সম্পন্ন হোৱা গঁড় গণনাৰ ফলাফল। ২০০টা গঁড় বৃদ্ধি পালে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত। এইবাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত হোৱা এশিঙীয়া গঁড়ৰ গণনাত পোৱা গ’ল মুঠ ২,৬১৩টা গঁড়। ইয়াৰে, প্ৰাপ্ত বয়স্ক মতা গঁড় ৭৫০টা, মাইকী গঁড় সংখ্যা ৯০৩টা আৰু লিংগ চিনাক্ত নোহোৱা গঁড়ৰ সংখ্যা ১৭০টা।

অপ্ৰাপ্তবয়স্ক মতা গঁড় ১১৬টা, মাইকী গঁড় সংখ্যা ১৪৬টা আৰু লিংগ চিনাক্ত নোহোৱা গঁড়ৰ সংখ্যা ১০৩টা। আনহাতে, ১ৰ পৰা ৩ বছৰ বয়সৰ গঁড়ৰ সংখ্যা ২৭৯টা আৰু পোৱালি গঁড়ৰ সংখ্যা ১৪৬ পোৱা গ’ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত। ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে, কিছু পৰিমাণে বতৰে বিধি পথালি দিয়াৰ বাবে গণনাত প্ৰতিবন্ধকতাৰ সৃষ্টি হয়৷ যাৰ বাবে গঁড়ৰ সংখ্যা নিৰূপণত তাৰতম্য পোৱা গৈছে৷ উল্লেখ্য যে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ২৬ৰ পৰা ২৮ মাৰ্চলৈকে তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছিল গঁড় পিয়ল ২০২২৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...