পৱিত্ৰ মাৰ্ঘেৰিটা, ৰণগৌৰা নাৰ্জাৰী ৰাজ্যসভালৈ নিৰ্বাচিত!

ৰাজ্যজুৰি ৰাজ্যসভা নিৰ্বাচনক লৈ গৰম ৰাজনীতি। ৩১ মাৰ্চত কোনে শেষ হাঁহি মাৰিব তাক লৈ সৰৱ আলোচনা। ঘনে ঘনে সলনি হৈছে দৃশ্যপট। এফালে যদি মুখ্যমন্ত্ৰীৰ আত্মবিশ্বাসী সুৰ, আনফালে বিৰোধীৰো এখন আসনত জয়ী হোৱাৰ প্ৰবল দাবী। প্ৰথম পচন্দ হিচাপে পৱিত্ৰ মাৰ্ঘেৰিটা জয়ী হোৱাটো নিশ্চিত যদিও দ্বিতীয়খন আসনত জয়ক লৈ এতিয়াও নিশ্চিত নহয় দুয়োগৰাকী প্ৰাৰ্থী। বিৰোধী শিৱিৰৰ তথা বৰ্তমানে ৰাজ্যসভাৰ সাংসদ ৰিপুণ বৰা অৱতীৰ্ণ হোৱাৰ বিপৰীতে UPPLৰ প্ৰাৰ্থী ৰণগৌড়া নাৰ্জাৰী অৱতীৰ্ণ হৈছে নিৰ্বাচনত। কিন্তু নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পূৰ্বে গুগলত বিজয়ী ঘোষণা কৰা হৈছে বিজেপি মিত্ৰজোঁটৰ দুয়োগৰাকী প্ৰাৰ্থীক। ৰিপুণ বৰাৰ কোনো নাম উল্লেখ নথকাৰ বিপৰীতে ৰণগৌৰা নাৰ্জাৰী আৰু পৱিত্ৰ মাৰ্ঘেৰিটাক জয়ী বুলি উল্লেখিত হৈছে।

আনহাতে, আশ্চৰ্যজনকভাবে পৱিত্ৰ মাৰ্ঘেৰিটাৰ কাৰ্যকাল ৩ এপ্ৰিলৰ পৰা দেখুওৱা হৈছে। ২০২৮ৰ ২ এপ্ৰিললৈ কাৰ্যকাল শেষ হোৱাৰ দিন উল্লেখ হৈছে গুগলত। ইণ্টাৰনেট ব্যৱহাৰকাৰীয়ে দৈনিক তথ্য সংগ্ৰহৰ বাবে বা নিজৰ প্ৰয়োজনত বা অনুসন্ধিত্সাৰ বাবে অধিকাংশই ইণ্টাৰনেটৰ ওপৰত নিৰ্ভৰ কৰে। কিন্তু তথ্য বিভ্ৰাট অথবা ইচ্ছাকৃতভাবে প্ৰদৰ্শিত এই তথ্যই স্বাভাৱিকতে হতচকিত কৰিছে একাংশ লোকক। অৱশ্য়ে ৩১ মাৰ্চৰ পিছত স্পষ্ট হৈ পৰিব দিল্লীলৈ কোন নিৰ্বাচিত হৈ শেষ হাঁহি মাৰিব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...