বিগত ২৪ ঘণ্টাত দেশত ক’ভিডত আক্ৰান্ত ১,২৭০ জন লোক। দেশজুৰি প্ৰতিদিনে হ্ৰাস পাইছে ক’ভিডত আক্ৰান্তৰ সংখ্যা। দেশত বৰ্তমান সক্ৰিয় ক’ভিড ৰোগীৰ সংখ্যা ১৫,৮৫৯জন। সোমবাৰৰ দিনটোত দেশত ক’ভিড আৰোগ্য হাৰ ৯৮.৭৫ শতাংশ। পজিটিভিটীৰ হাৰ ০.০৪ শতাংশ। বিগত ২৪ ঘণ্টাত দেশত আৰোগ্য লাভ কৰিছে ১,৫৬৭জন ৰোগীয়ে।