আজি আৰু কাইলৈ ভাৰত বন্ধ ; এই সমূহ সেৱাত পৰিব প্ৰভাৱ

কেন্দ্ৰীয় ট্ৰেড ইউনিয়নৰ ইউনাইটেড ফ্ৰণ্টে কেন্দ্ৰীয় চৰকাৰৰ নীতিৰ বিৰুদ্ধে আজি আৰু কাইলৈ দেশজুৰি জনাইছে বন্ধৰ আহ্বান। চৰকাৰৰ কিছু নীতিত তাৎক্ষণিক পৰিৱৰ্তনৰ দাবী জনাইছে ট্ৰেড ইউনিয়নসমূহে। শ্ৰমিক সংহিতা বাতিল, যিকোনো ধৰণৰ ব্যক্তিগতকৰণ তৎক্ষণাৎ বন্ধ, ৰাষ্ট্ৰীয় মুদ্ৰাকৰণ পাইপলাইন (এনএমপি) দূৰীকৰণ আৰু এমজিএনৰেগাৰ অধীনত মজুৰি আৱণ্টন বৃদ্ধি আৰু ঠিকা শ্ৰমিকসকলক নিয়মীয়া কৰাৰ দাবীত এই বন্ধ ঘোষণা। বন্ধৰ বাবে দুদিনৰ বাবে স্থগিত থাকিব পাৰে বেংকসমূহৰ কাম-কাজো কিয়নো অল ইণ্ডিয়া বেংক এমপ্লয়িজ এছ’চিয়েশ্যনে বন্ধলৈ আগবঢ়াইছে সমৰ্থন।

পথ, পৰিবহন আৰু বিদ্যুৎ বিভাগৰ কৰ্মচাৰীসকলেও বন্ধত যোগদান কৰিব। ইয়াৰ উপৰিও, বেঙ্কিং আৰু বীমা কোম্পানীবোৰো বন্ধত অন্তৰ্ভুক্ত থাকিব। ট্ৰেড ইউনিয়নসমূহে কয়লা, তেল, ডাক, আয়কৰ আৰু কৰ আদি ইউনিয়নসমূহকো বন্ধৰ সমৰ্থনৰ বাবে আহ্বান জনাইছে। ইয়াৰ উপৰিও, ৰে’ল আৰু প্ৰতিৰক্ষা সংঘসমূহেও দুদিনৰ বাবে দেশখনত ঠাই-ঠাইৰ পৰা আন ঠাইত ধৰ্মঘট আৰু প্ৰতিবাদ অনুষ্ঠিত কৰিব। বেঙ্কিং খণ্ডত, এছ.বি.আই.-য়ে বন্ধৰ ফলত বেঙ্কিং সেৱা প্ৰভাৱিত হ’ব পাৰে। ৰাজহুৱা খণ্ডৰ বেংকসমূহে ব্যক্তিগতকৰণৰ সিদ্ধান্তৰ প্ৰতিবাদত আৰু বেঙ্কিং আইন সংশোধনী বিধেয়ক, ২০২১ৰ বিৰুদ্ধে ধৰ্মঘট কৰি আছে। পঞ্জাৱ নেচনেল বেংক আৰু কানাৰা বেংকেও আশংকা প্ৰকাশ কৰিছে যে ধৰ্মঘটৰ ফলত স্বাভাৱিক কাৰ্যকলাপ প্ৰভাৱিত হ’ব পাৰে।

অল ইণ্ডিয়ান ট্ৰেড ইউনিয়ন কংগ্ৰেছৰ সাধাৰণ সম্পাদক অমৰজিৎ কৌৰৰ মতে, সমগ্ৰ দেশৰ পৰা প্ৰায় ২০ কোটি শ্ৰমিক-শ্ৰমিকে আনুষ্ঠানিক আৰু অনানুষ্ঠানিকভাৱে বন্ধত যোগদান কৰিব। আনহাতে, ভাৰতীয় মজদুৰ সংঘ এই বন্ধৰ বিৰুদ্ধ। ভাৰতীয় মজদুৰ সংঘই কয় যে এই ধৰ্মঘট ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত আৰু ইয়াৰ উদ্দেশ্য হৈছে ৰাজনৈতিক লাভ কৰা, সেয়েহে তেওঁলোকে বন্ধত যোগদান নকৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

পুখুৰীত পৰি থকা বাহনৰ ভিতৰত উদ্ধাৰ এটা মৃতদেহ

নলবাৰীৰ শোলমাৰাত চাঞ্চল্যকৰ ঘটনা। পুখুৰীত পৰি থকা বাহনৰ ভিতৰত...

শোকাৱহ! নাও ডুবি মৃত্যু ৭৮জন লোকৰ

পুনৰ সংঘটিত হ'ল আন এক শোকাৱহ ঘটনা। এইবাৰ বৃহৎ...

ভয়ংকৰ বাছ দুৰ্ঘটনাত নিহত প্ৰায় ৩০জনকৈ লোক

ভয়ংকৰ দুৰ্ঘটনাই জোকাৰি গ'ল উত্তৰাখণ্ড। দুৰ্ঘটনাগ্ৰস্ত বিবাহযাত্ৰীৰ বাছ। দুৰ্ঘটনাত...

বলেৰ’ বাহনে প্ৰায় ৪০০ মিটাৰ পৰ্যন্ত চোঁচৰাই নিলে পাচলি ব্যৱসায়ীক

মহানগৰীৰ শান্তিপুৰত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। বলেৰ’ বাহনৰ...