আজি দ্বিতীয়বাৰলৈ মুখ্যমন্ত্ৰী ৰূপে শপত ল’ব যোগী আদিত্যনাথে

আজি উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী ৰূপে শপত ল’ব যোগী আদিত্যনাথে। বৃহস্পতিবাৰে বিজেপি বিধায়িনী দলৰ নেতা ৰূপে নিৰ্বাচিত হৈছে আদিত্যনাথ। উপ মুখ্যমন্ত্ৰী ৰূপে শপত ল’ব কেশৱ প্ৰসাদ মৌৰ্যই। লক্ষ্ণৌৰ গোমতী নগৰৰ অটল বিহাৰী বাজপেয়ী একনা ষ্টেডিয়ামত অনুষ্ঠিত হ’ব শপতগ্ৰহণ অনুষ্ঠান। একেৰাহে দ্বিতীয়বাৰৰ বাবে উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত হ’ব যোগী আদিত্যনাথ। শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহো। অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মায়ো এই অনুষ্ঠানত উপস্থিত থাকিব। ড০ শৰ্মাই বিশেষ বিমানযোগে লক্ষ্ণৌলৈ যাব আৰু শপতগ্ৰহণ অনুষ্ঠানৰ সমাপ্তিৰ পিছত পুনৰ গুৱাহাটীলৈ উভতি আহিব। সদ্যসমাপ্ত বিধানসভা নিৰ্বাচনত ৰাজ্যখনৰ ৪০৩খন আসনৰ ভিতৰত বিজেপিয়ে ২৭৪খন আসন দখল কৰি একক সংখ্যাগৰিষ্ঠ দলৰূপে পৰিগণিত হৈছে। গোৰখপুৰ সমষ্টিৰ পৰা ৫বাৰকৈ সাংসদৰূপে নিৰ্বাচিত হোৱা যোগী আদিত্যনাথে এইবাৰ গোৰখপুৰ সদৰ বিধানসভা আসনত প্ৰতিদ্বন্দ্বিতা কৰি ১ লক্ষাধিক ভোটত বিজয় সাব্যস্ত কৰিছে। উল্লেখ্য যে, ১৯৫২ চনৰ পিছত কাৰ্যকাল সম্পূৰ্ণ কৰি উত্তৰপ্ৰদেশত একেৰাহে দ্বিতীয়বাৰলৈ নিৰ্বাচিত হোৱা যোগী আদিত্যনাথ হৈছে প্ৰথমজন মুখ্যমন্ত্ৰী।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহাকালিৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি ৩ দিনীয়া বেংক ধৰ্মঘট

২৮ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি বেংক ইউনিয়নৰ ৩ দিনীয়া...

আজি বিশ্ব পৰ্যটন দিৱস ২০২৬: AI আৰু ডিজিটেল প্ৰযুক্তিৰে নতুন ৰূপ পাব পৰ্যটনে

প্ৰতি বছৰে ২৭ ছেপ্টেম্বৰত সমগ্ৰ বিশ্বতে পালন কৰা হয়...

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক ৰাছিয়াৰ সমৰ্থন

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক মুকলিকৈ সমৰ্থন...

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব দ্বিতীয়খন শৰাইঘাট দলং। গুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্য

আগিয়াঠুৰি–কামাখ্যা ৰে’লপথ দ্বৈতীকৰণত নতুন সংযোগী দলংগুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ...