২৪ ঘণ্টাত দেশত ক’ভিডত আক্ৰান্ত হৈছে ১,৯৩৮ জন

বিগত ২৪ ঘণ্টাত দেশত নতুনকৈ ক’ভিডত আক্ৰান্ত হৈছে ১,৯৩৮ জন লোক। বুধবাৰতকৈ কিছু পৰিমাণে বৃদ্ধি পাইছে বৃহস্পতিবাৰে দেশত দৈনিক ক’ভিড আক্ৰান্তৰ সংখ্যা। ৩১ মাৰ্চৰ পৰা কেন্দ্ৰীয় চৰকাৰে দেশৰ পৰা ক’ভিডৰ সকলো নিষেধাজ্ঞা প্ৰত্যাহাৰৰ ঘোষণা কৰাৰ সময়তে পুনৰ সংক্ৰমণ বৃদ্ধিয়ে বঢ়াইছে উদ্বেগ। অৱশ্যে ধাৰাবাহিকভাৱে দেশত হ্ৰাস পাইছে সক্ৰীয় ৰোগীৰ সংখ্যা। বৃহস্পতিবাৰে দেশত ২২,৪২৭ জনলৈ হ্ৰাস পালে মুঠ সক্ৰিয় ৰোগীৰ সংখ্যা। আনহাতে বিগত ২৪ ঘণ্টাত ৰাষ্ট্ৰীয় আৰোগ্যৰ হাৰ ৯৮.৭৫ শতাংশ। বিগত ২৪ ঘণ্টাত দেশত ক’ভিডৰ পৰা আৰোগ্য লাভ ২,৫৩১ জন আক্ৰান্তৰ। আনহাতে বৃহস্পতিবাৰে দেশত ক’ভিডৰ আক্ৰান্তৰ হাৰ ০.২৯ শতাংশ। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি দেশৰ সাপ্তাহিক ক’ভিড আক্ৰান্তৰ হাৰ ০.৩৫ শতাংশ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

বলেৰ’ বাহনে প্ৰায় ৪০০ মিটাৰ পৰ্যন্ত চোঁচৰাই নিলে পাচলি ব্যৱসায়ীক

মহানগৰীৰ শান্তিপুৰত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। বলেৰ’ বাহনৰ...

হাৰিয়ানাত আজি বিধানসভাৰ নিৰ্বাচন

হাৰিয়ানাত আজি বিধানসভাৰ নিৰ্বাচন। ৯০টা সমষ্টিত ভাগ্য নিৰ্ণয় হ’ব...

পাকিস্তানলৈ যাব কেন্দ্ৰীয় বিদেশ মন্ত্ৰী এছ জয়শংকৰ

পাকিস্তানলৈ যাব কেন্দ্ৰীয় বিদেশ মন্ত্ৰী এছ জয়শংকৰ। সুষমা স্বৰাজৰ...

ঘৰৰ ভিতৰতে ২শিশুসহ পিতৃ-মাতৃক গুলিয়াই হত্যা

আমেথিত শিক্ষকৰ ৪জনীয়া পৰিয়ালক নিৰ্মম হত্যা। নিজ বাসগৃহতে পত্নী,...