২৪ ঘণ্টাত দেশত ক’ভিডত আক্ৰান্ত হৈছে ১,৯৩৮ জন

বিগত ২৪ ঘণ্টাত দেশত নতুনকৈ ক’ভিডত আক্ৰান্ত হৈছে ১,৯৩৮ জন লোক। বুধবাৰতকৈ কিছু পৰিমাণে বৃদ্ধি পাইছে বৃহস্পতিবাৰে দেশত দৈনিক ক’ভিড আক্ৰান্তৰ সংখ্যা। ৩১ মাৰ্চৰ পৰা কেন্দ্ৰীয় চৰকাৰে দেশৰ পৰা ক’ভিডৰ সকলো নিষেধাজ্ঞা প্ৰত্যাহাৰৰ ঘোষণা কৰাৰ সময়তে পুনৰ সংক্ৰমণ বৃদ্ধিয়ে বঢ়াইছে উদ্বেগ। অৱশ্যে ধাৰাবাহিকভাৱে দেশত হ্ৰাস পাইছে সক্ৰীয় ৰোগীৰ সংখ্যা। বৃহস্পতিবাৰে দেশত ২২,৪২৭ জনলৈ হ্ৰাস পালে মুঠ সক্ৰিয় ৰোগীৰ সংখ্যা। আনহাতে বিগত ২৪ ঘণ্টাত ৰাষ্ট্ৰীয় আৰোগ্যৰ হাৰ ৯৮.৭৫ শতাংশ। বিগত ২৪ ঘণ্টাত দেশত ক’ভিডৰ পৰা আৰোগ্য লাভ ২,৫৩১ জন আক্ৰান্তৰ। আনহাতে বৃহস্পতিবাৰে দেশত ক’ভিডৰ আক্ৰান্তৰ হাৰ ০.২৯ শতাংশ। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি দেশৰ সাপ্তাহিক ক’ভিড আক্ৰান্তৰ হাৰ ০.৩৫ শতাংশ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

USTMত ১০ ফেব্ৰুৱাৰীৰ পৰা AIU (পূব) আন্তঃবিশ্ববিদ্যালয় হেণ্ডবল প্ৰতিযোগিতা ২০২৫–২৬

আগন্তুক ১০ ফেব্ৰুৱাৰীৰ পৰা ১৪ ফেব্ৰুৱাৰীলৈকে USTMৰ ক্ৰীড়া কমপ্লেক্সত...

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...