অসুস্থ ৪ বছৰীয়া পুত্ৰ, পত্নীক এৰি আলফা(স্বাঃ)ত যোগ দিলে ধনজিৎ দাসে

শেহতীয়াভাবে ইজনৰ পিছত সিজন যুৱকে যোগ দিছে আলফা(স্বাঃ)ত এইবাৰ বৰপেটাৰ ধনজিৎ দাসৰ আলফা(স্বাঃ)ত যোগদান ৷ বৰপেটাৰ গান্ধী নগৰৰ বাসিন্দা ধনজিৎ দাসৰ আলফা(স্বাঃ)ত যোগদানক লৈ হাহাকাৰ ৷ পত্নীৰ সৈতে আছে ধনজিৎ দাসৰ ৪ বছৰীয়া সন্তান৷ পত্নী আৰু ল’ৰাক এৰি থৈ কি কাৰণত আলফা(স্বাঃ)ত যোগদান কৰিলে তাক লৈ পত্নীৰ চকুত চকুপানী ৷ ঘৰুৱা আৰ্থিক অৱস্থা অতিকে বেয়া পৰিয়ালটোৰ৷ বৰপেটা চহৰৰ এখন কাপোৰৰ দোকানত থাকি পৰিয়াল পোহপাল দি আছিল ধনজিৎ দাসে ৷ ৪ বছৰীয়া ল’ৰা সন্তানটোৰ অসুস্থতাৰ বাবে বিগত প্ৰায় ডেৰমাহমান ধনজিৎ দাসৰ পত্নীয়ে পিতৃৰ ঘৰত আছিলগৈ ৷ প্ৰতি দেওবাৰে শহুৰেকৰ ঘৰলৈ গৈ খবৰ লৈ আহে পত্নী আৰু ল’ৰাৰ ৷ কিন্তু বৰপেটাৰ দৌল মহোৎসৱৰ পিচদিনাৰ পৰাই পত্নীৰ সৈতে কোনো ধৰণৰ যোগাযোগ নাই যুৱকজনৰ ৷ স্বামীক ঘৰলৈ ওভতাই পঠিয়াবলৈ কাতৰ আহ্বান পত্নীৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহাকালিৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি ৩ দিনীয়া বেংক ধৰ্মঘট

২৮ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি বেংক ইউনিয়নৰ ৩ দিনীয়া...

আজি বিশ্ব পৰ্যটন দিৱস ২০২৬: AI আৰু ডিজিটেল প্ৰযুক্তিৰে নতুন ৰূপ পাব পৰ্যটনে

প্ৰতি বছৰে ২৭ ছেপ্টেম্বৰত সমগ্ৰ বিশ্বতে পালন কৰা হয়...

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক ৰাছিয়াৰ সমৰ্থন

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক মুকলিকৈ সমৰ্থন...

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব দ্বিতীয়খন শৰাইঘাট দলং। গুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্য

আগিয়াঠুৰি–কামাখ্যা ৰে’লপথ দ্বৈতীকৰণত নতুন সংযোগী দলংগুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ...