অসুস্থ ৪ বছৰীয়া পুত্ৰ, পত্নীক এৰি আলফা(স্বাঃ)ত যোগ দিলে ধনজিৎ দাসে

শেহতীয়াভাবে ইজনৰ পিছত সিজন যুৱকে যোগ দিছে আলফা(স্বাঃ)ত এইবাৰ বৰপেটাৰ ধনজিৎ দাসৰ আলফা(স্বাঃ)ত যোগদান ৷ বৰপেটাৰ গান্ধী নগৰৰ বাসিন্দা ধনজিৎ দাসৰ আলফা(স্বাঃ)ত যোগদানক লৈ হাহাকাৰ ৷ পত্নীৰ সৈতে আছে ধনজিৎ দাসৰ ৪ বছৰীয়া সন্তান৷ পত্নী আৰু ল’ৰাক এৰি থৈ কি কাৰণত আলফা(স্বাঃ)ত যোগদান কৰিলে তাক লৈ পত্নীৰ চকুত চকুপানী ৷ ঘৰুৱা আৰ্থিক অৱস্থা অতিকে বেয়া পৰিয়ালটোৰ৷ বৰপেটা চহৰৰ এখন কাপোৰৰ দোকানত থাকি পৰিয়াল পোহপাল দি আছিল ধনজিৎ দাসে ৷ ৪ বছৰীয়া ল’ৰা সন্তানটোৰ অসুস্থতাৰ বাবে বিগত প্ৰায় ডেৰমাহমান ধনজিৎ দাসৰ পত্নীয়ে পিতৃৰ ঘৰত আছিলগৈ ৷ প্ৰতি দেওবাৰে শহুৰেকৰ ঘৰলৈ গৈ খবৰ লৈ আহে পত্নী আৰু ল’ৰাৰ ৷ কিন্তু বৰপেটাৰ দৌল মহোৎসৱৰ পিচদিনাৰ পৰাই পত্নীৰ সৈতে কোনো ধৰণৰ যোগাযোগ নাই যুৱকজনৰ ৷ স্বামীক ঘৰলৈ ওভতাই পঠিয়াবলৈ কাতৰ আহ্বান পত্নীৰ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

বলেৰ’ বাহনে প্ৰায় ৪০০ মিটাৰ পৰ্যন্ত চোঁচৰাই নিলে পাচলি ব্যৱসায়ীক

মহানগৰীৰ শান্তিপুৰত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। বলেৰ’ বাহনৰ...

হাৰিয়ানাত আজি বিধানসভাৰ নিৰ্বাচন

হাৰিয়ানাত আজি বিধানসভাৰ নিৰ্বাচন। ৯০টা সমষ্টিত ভাগ্য নিৰ্ণয় হ’ব...

পাকিস্তানলৈ যাব কেন্দ্ৰীয় বিদেশ মন্ত্ৰী এছ জয়শংকৰ

পাকিস্তানলৈ যাব কেন্দ্ৰীয় বিদেশ মন্ত্ৰী এছ জয়শংকৰ। সুষমা স্বৰাজৰ...

ঘৰৰ ভিতৰতে ২শিশুসহ পিতৃ-মাতৃক গুলিয়াই হত্যা

আমেথিত শিক্ষকৰ ৪জনীয়া পৰিয়ালক নিৰ্মম হত্যা। নিজ বাসগৃহতে পত্নী,...