উচ্ছেদিত পৰিয়ালক পুনৰ সংস্থাপনৰ দাবীত KMSSৰ উত্তাল প্ৰতিবাদ

উচ্ছেদিত পৰিয়ালক পুনৰ সংস্থাপনৰ দাবীত KMSSৰ উত্তাল প্ৰতিবাদ। বিলাসীপাৰা মহকুমাধিপতি কাৰ্যালয়ৰ সন্মুখত ৰাইজৰ সহযোগত ধুবুৰী জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে। ভূমিহীন পৰিয়ালক ভূমি পট্টা প্ৰদান আৰু উচ্ছেদিত ভূমিহীন পৰিয়ালক পুনৰ সংস্থাপন দিয়াৰ দাবীত সংগঠনটোৱে সাব্যস্ত কৰে এই প্ৰতিবাদ। হাতে হাতে প্লে কাৰ্ড লৈ শ শ পুৰুষ মহিলা আৰু সংগঠনটোৰ নেতা কৰ্মীয়ে চৰকাৰ বিৰোধী বিভিন্ন শ্ল’গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

উল্লেখযোগ্য যে, যোৱা ১৬ মাৰ্চত টিলাপাৰা দুধনাথ গাঁৱত বন বিভাগ আৰু বিলাসীপাৰা মহকুমা প্ৰসাশনে বন বিভাগৰ মাটিত অবৈধ ভাৱে বসবাস কৰা প্ৰায় ১০০ ঘৰ পৰিয়ালক উচ্ছেদ কৰিছিল। সেই উচ্ছেদিত ভুমিহীন পৰিয়ালক ভূমি পট্টা প্ৰদান আৰু পুনৰ সংস্থাপন দিয়াৰ দাবীত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। প্ৰতিবাদকাৰীয়ে বিলাসীপাৰা মহকুমাধিপতিৰ জৰিয়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ এখন স্মাৰক পত্ৰও প্ৰদান কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ডিব্ৰুগড় ডায়েটত ৩ দিনীয়া সমাজ সেৱা কাৰ্যসূচী

ভৱিষ্যতৰ শিক্ষকসকলৰ মাজত সামাজিক দায়িত্ববোধ, পৰিৱেশ সচেতনতা আৰু নেতৃত্বৰ...

IIM গুৱাহাটীৰ প্ৰথম শিক্ষাবৰ্ষৰ MBA পাঠ্যক্ৰমৰ শুভাৰম্ভ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উচ্চ শিক্ষা খণ্ডত এক নতুন দিগন্তৰ...

শিৱসাগৰত বানাক্ৰান্তৰ কাষত RSS: বেতবাৰী আৰু আমগুৰিত সাহায্য সামগ্ৰী বিতৰণ

'জনসেৱাই প্ৰভু সেৱা'—এই মহান আদৰ্শক শিৰোগত কৰি সাম্প্ৰতিক ভয়াৱহ...

অনশন বন্ধ কৰিবলৈ সন্মত সোনম ৱাংচুক; চৰ্ত ৰাখিলে ৩টা

বিখ্যাত শিক্ষাবিদ তথা সক্ৰিয় সমাজকৰ্মী সোনম ৱাংচুকে (Sonam Wangchuk)...