যাত্ৰীবাহী বাছত ড্ৰাগছ সৰবৰাহৰ চেষ্টা, জালত মহিলা

নিষিদ্ধ ড্ৰাগছ বিৰুদ্ধে আৰক্ষীৰ মাৰাথান অভিযান অব্যাহত। ড্ৰাগছ সৰবৰাহকাৰীৰ নতুন কৌশল হিচাপে শেহতীয়াভাবে যাত্ৰীবাহী বাছ ব্যৱহাৰ কৰা দেখা গৈছে। সৰবৰাহকাৰীৰ সমানে সমানে গোলাঘাট, যোৰহাট, নগাঁও, মৰিগাঁও, তেজপুৰ অভিমুখী বাছত ক্ষিপ্ৰ কৰা হৈছে তালাচী অভিযান। খটখটিস্থিত আৰক্ষীৰ নাকা তালাচীত হেৰ’ইনসহ আটক কৰা হৈছে এগৰাকী মহিলা সৰবৰাহকাৰীক। ধৃত মহিলাগৰাকী নগাঁও জিলাৰ চুলুং আৰক্ষী থানাৰ অন্তৰ্গত বৰঘূলিৰ মমতাজ বেগম। ডিমাপুৰৰ পৰা তেজপুৰ অভিমুখী AS-02-AC-2056 নম্বৰৰ যাত্ৰীবাহী বাছত আনিছিল হেৰ’ইনখিনি। ৫টা প্লাষ্টিকৰ চাবোনৰ বাকচত উদ্ধাৰ হোৱা হেৰ’ইনখিনিৰ বজাৰ মূল্য চাৰি লাখ টকা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আমেৰিকাত ভাৰতৰ ২৮ বছৰীয়া যুৱকক গুলীয়াই হত্যা

পুনৰ আমেৰিকাত ভাৰতীয় যুৱকৰ সৈতে ভয়ংকৰ ঘটনা। আমেৰিকাৰ ফেলাডেলফিয়াৰ...

ক’কৰোচ জনতা পাৰ্টীৰ প্ৰতিবাদলৈ সমৰ্থন বলীউডৰ তাৰকাৰ…

ক’কৰোচ জনতা পাৰ্টীৰ প্ৰতিবাদলৈ সমৰ্থন বলীউডৰ তাৰকাৰ। ৰিচা চাড্ডা...

ডায়েট ডিব্ৰুগড়ত সম্পন্ন শিশু বৈজ্ঞানিক প্ৰদৰ্শনী

বিকশিত আৰু স্বাৱলম্বী ভাৰতৰ বাবে ষ্টেম শীৰ্ষক বিষয়বস্তুক আধাৰ...

পুনৰ গুৱাহাটীত যুৱতীৰ ৰহস্যজনক মৃত্যু

পুনৰ চাঞ্চল্যকৰ ঘটনাই জোকাৰিছে গুৱাহাটী মহানগৰী। ৰহস্যজনক অৱস্থাত উদ্ধাৰ...