যাত্ৰীবাহী বাছত ড্ৰাগছ সৰবৰাহৰ চেষ্টা, জালত মহিলা

নিষিদ্ধ ড্ৰাগছ বিৰুদ্ধে আৰক্ষীৰ মাৰাথান অভিযান অব্যাহত। ড্ৰাগছ সৰবৰাহকাৰীৰ নতুন কৌশল হিচাপে শেহতীয়াভাবে যাত্ৰীবাহী বাছ ব্যৱহাৰ কৰা দেখা গৈছে। সৰবৰাহকাৰীৰ সমানে সমানে গোলাঘাট, যোৰহাট, নগাঁও, মৰিগাঁও, তেজপুৰ অভিমুখী বাছত ক্ষিপ্ৰ কৰা হৈছে তালাচী অভিযান। খটখটিস্থিত আৰক্ষীৰ নাকা তালাচীত হেৰ’ইনসহ আটক কৰা হৈছে এগৰাকী মহিলা সৰবৰাহকাৰীক। ধৃত মহিলাগৰাকী নগাঁও জিলাৰ চুলুং আৰক্ষী থানাৰ অন্তৰ্গত বৰঘূলিৰ মমতাজ বেগম। ডিমাপুৰৰ পৰা তেজপুৰ অভিমুখী AS-02-AC-2056 নম্বৰৰ যাত্ৰীবাহী বাছত আনিছিল হেৰ’ইনখিনি। ৫টা প্লাষ্টিকৰ চাবোনৰ বাকচত উদ্ধাৰ হোৱা হেৰ’ইনখিনিৰ বজাৰ মূল্য চাৰি লাখ টকা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কি বিপদত পৰিল আবুধাবি? কিয় হঠাৎ দুঘণ্টাৰ বাবে ভাৰতলৈ আহিল UAEৰ ৰাষ্ট্ৰপতি?

ভাৰত ভ্ৰমণৰ বাবে আকস্মিকভাৱে উপস্থিত হয় UAEৰ ৰাষ্ট্ৰপতি মহম্মদ...

পুনৰ চৰ্চাত কিম জং উন; পথৰ মাজতে বৰ্খাস্ত কৰিলে উপ-প্ৰধানমন্ত্ৰীক

উত্তৰ কোৰিয়াৰ শাসক কিম জং উন কঠোৰ নীতি আৰু...

আমেৰিকাৰ পতাকা লৈ গ্ৰীণলেণ্ডত উপস্থিত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প

গ্ৰীনলেণ্ডৰ ওপৰত চোকা নজৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ। তেওঁ...

প্ৰতি ৯০ দিনৰ মূৰে মূৰে এখন দেশৰ ওপৰত কূটনৈতিক নিয়ন্ত্ৰণ, ১২টা ডাঙৰ সিদ্ধান্ত… ট্ৰাম্পৰ এবছৰৰ কাৰ্যকলাপ

২০২৫ চনৰ ২০ জানুৱাৰীত ড’নাল্ড ট্ৰাম্পে দ্বিতীয়বাৰৰ বাবে আমেৰিকাৰ...