শ্ৰীশ্ৰী ৰামদেৱ আতাৰ ৪৫৬ সংখ্যক জন্মোৎসৱ, শ শ ভক্তৰ ভিৰ

শ্ৰীশ্ৰী ৰামদেৱ আতাৰ ৪৫৬ সংখ্যক জন্মোৎসৱ উদযাপন। সহস্ৰাধিক ভক্তপ্ৰাণ ৰাইজৰ সমাগম। ১৪৭০ খ্ৰীষ্টাব্দতে ডিব্ৰুগড় জিলাৰ টিংখাঙৰ ২নং কেন্দুগুৰী গাঁৱত প্ৰতিষ্ঠা কৰা বালিসত্ৰ বৰ্তমান শ্ৰীশ্ৰী ৰামদেৱ আতা থান হিচাপে পৰিচিত। এই থানক্ষেত্ৰত দুদিনীয়া কাৰ্যসূচীৰে এক উৎসৱমুখৰ পৰিবেশত শ্ৰীশ্ৰী ৰামদেৱ আতাৰ ৪৫৬সংখ্যক জন্মোৎসৱ উদযাপন কৰা হৈছে। স্ব মহিমাৰে ঐতিহাসিক ক্ষেত্ৰ হিচাপে পৰিচিত এই থানক্ষেত্ৰত ৰামদেৱ আতাৰ এই জন্মোৎসৱ অনুষ্ঠানত উজনি অসমৰ বিভিন্ন ঠাইৰ পৰা অহা সহস্ৰাধিক ভক্তপ্ৰাণ ৰাইজৰ সমাগম হৈছে। উৎসৱৰ প্ৰথম দিনা ভাগৱত ভ্ৰমণ, শৰাই অৰ্চনা, নাম প্ৰসংগ, দিহানাম প্ৰদৰ্শন হয়। আনহাতে, দ্বিতীয় দিনা অগণন ভকত-বৈষ্ণৱৰ সমাগমৰ মাজত ধৰ্মীয় অনুষ্ঠানসমূহ সমাপন কৰা হয়। নিশালৈকে স্থানীয় শিল্পী সমাজৰ দ্বাৰা “ভগীৰথৰ গঙ্গা উদ্ধাৰ” শীৰ্ষক ভাওনা প্ৰদৰ্শন কৰা হয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বিৰাট উপহাৰ! মিচেলক নিজে স্বাক্ষৰ কৰা জাৰ্চি প্ৰদান কৰিলে বিৰাট কোহলীয়ে

ভাৰত-নিউজিলেণ্ডৰ মাজত অনুষ্ঠিত হৈ যোৱা তিনিখনীয়া এদিনীয়া ছিৰিজত ডেৰিল...

গাজাত শান্তি ঘূৰাই অনাৰ বাবে আন্তঃৰাষ্ট্ৰীয় গোটলৈ পাকিস্তানক আমন্ত্ৰণ ট্ৰাম্পৰ

গাজাত শান্তি ঘূৰাই অনাৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে...

গাজাৰ ‘শান্তি ব’ৰ্ড’ৰ মঞ্চলৈ ভাৰতক আমন্ত্ৰণ জনাইছে ড’নাল্ড ট্ৰাম্পে

শুল্ক যুদ্ধৰ মাজতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এইবাৰ গাজাত...

চুইজাৰলেণ্ডৰ ডাভোছৰ ৱৰ্ল্ড ইক’নমিক ফ’ৰামত অংশ গ্ৰহণ কৰিব মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই

চুইজাৰলেণ্ডৰ ডাভোছত ১৯ জানুৱাৰীৰ পৰা ২৩ জানুৱাৰীলৈ অনুষ্ঠিত হ’বলগা...