ওৰাঙৰ পিছত পবিতৰাৰ পৰা আহিল ভাল খবৰ, বাঢ়িছে গঁড়ৰ সংখ্যা

অসম এশিঙীয়া গঁড়ৰ বাবে পৃথিৱী বিখ্যাত। কাজিৰঙা, মানাহ, ওৰাঙৰ লগতে পবিতৰাতো গঁড় পোৱা যায়। গুৱাহাটীৰ সমীপতে অৱস্থিত বাবে অধিকাংশ লোকে সহজতে দৰ্শনৰ বাবে পচন্দ কৰে পবিতৰা। শেহতীয়াভাবে ওৰাং ৰাষ্ট্ৰীয় উদ্যানত গঁড়ৰ পিয়লত গঁড়ৰ সংখ্য়া বৃদ্ধিৰ পিছত এইবাৰ ভাল খবৰ আহিল পবিতৰালৈও। পবিতৰা অভয়াৰণ্যত গঁড়ৰ পিয়ল সম্পন্ন। ৪ বছৰত ৫টা গঁড় বৃদ্ধি পবিতৰাত। শেহতীয়াভাৱে ১০৭টা গঁড় গণনা কৰা হৈছে পবিতৰাত। ৩০টা মতা গঁড় , ৫০টা মাইকী গঁড় , ২৭টা গঁড়ৰ পোৱালি গণনা। ২০১৮ চনত পবিতৰাত ১০২ টা গঁড় পোৱা গৈছিল। ২০১৪ চনৰ পৰা বৰ্তমানলৈ পবিতৰাত এটাও গড়ঁৰ চোৰাং চিকাৰৰ ঘটনা সংঘটিত হোৱা নাই। উল্লেখ্য যে, পবিতৰাত ৩৮.৮১ বৰ্গ কিলোমিটাৰ এলেকা সামৰি আছে গঁড়ৰ বিচৰণভূমি।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বিৰাট উপহাৰ! মিচেলক নিজে স্বাক্ষৰ কৰা জাৰ্চি প্ৰদান কৰিলে বিৰাট কোহলীয়ে

ভাৰত-নিউজিলেণ্ডৰ মাজত অনুষ্ঠিত হৈ যোৱা তিনিখনীয়া এদিনীয়া ছিৰিজত ডেৰিল...

গাজাত শান্তি ঘূৰাই অনাৰ বাবে আন্তঃৰাষ্ট্ৰীয় গোটলৈ পাকিস্তানক আমন্ত্ৰণ ট্ৰাম্পৰ

গাজাত শান্তি ঘূৰাই অনাৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে...

গাজাৰ ‘শান্তি ব’ৰ্ড’ৰ মঞ্চলৈ ভাৰতক আমন্ত্ৰণ জনাইছে ড’নাল্ড ট্ৰাম্পে

শুল্ক যুদ্ধৰ মাজতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এইবাৰ গাজাত...

চুইজাৰলেণ্ডৰ ডাভোছৰ ৱৰ্ল্ড ইক’নমিক ফ’ৰামত অংশ গ্ৰহণ কৰিব মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই

চুইজাৰলেণ্ডৰ ডাভোছত ১৯ জানুৱাৰীৰ পৰা ২৩ জানুৱাৰীলৈ অনুষ্ঠিত হ’বলগা...