সকলোকে আচৰিত কৰি টেনিচক বিদায় শীৰ্ষস্থানৰ খেলুৱৈ এশ্লেইগ বাৰ্টিৰ

এটা মাত্ৰ ঘোষণা। এটা ঘোষণাৰ পিছতে হতভম্ব সমগ্ৰ বিশ্ব। কিয় এনে সিদ্ধান্ত ললে। হয়। বিশ্বৰ শীৰ্ষস্থানৰ মহিলা টেনিচ খেলুৱৈ এশ্লেইগ বাৰ্টিয়ে এৰিলে টেনিচ। ২৫ বছৰীয়া খেলুৱৈগৰাকীয়ে বিদায় জনালে টেনিচক। মই বহুত সুখী আৰু আগন্তুক দিনৰ বাবে সাজু বুলি এক ভিডিঅ বাৰ্তা পোষ্ট কৰে ইনষ্টাগ্ৰামত। এগৰাকী বন্ধুৰ সহায়ত ভিডিঅ বাৰ্তাত টেনিচ খেলুৱৈগৰাকীয়ে উল্লেখ কৰে- এই মুহূৰ্তত মোৰ বাবে এয়া সঠিক সিদ্ধান্ত। টেনিছে মোক দিয়া সকলোখিনিৰ বাবে কৃতজ্ঞ। ই মোক মোৰ সপোনতকৈও অধিক দিছে। টেনিছৰ পৰা অৱসৰ ঘোষণা কৰাৰ মুহূৰ্তটো মোৰ বাবে কঠিন আৰু যথেষ্ট আৱেগিক হৈ পৰিছো বুলি মন্তব্য কৰে বাৰ্টিয়ে। মন কৰিবলগীয়া যে, ৪৪ বছৰৰ পিছত চলিত বছৰত অষ্ট্ৰেলিয়ান খেলুৱৈৰূপে বছৰৰ প্ৰথম গ্ৰেণ্ডশ্লাম অষ্ট্ৰেলিয়ান অপেনৰ খিতাপ দখল কৰিছিল বাৰ্টিয়ে। ইয়াৰ পূৰ্বে ২০১৯ চনত ফ্ৰেন্স অপেন খিতাপ জয় কৰিছিল। ইয়াৰ পিছত ২০২১ চনত উইম্বলডনৰ খিতাপ অৰ্জন কৰিছিল। মাত্ৰ ৩টা গ্ৰেণ্ডশ্লাম খিতাপ জয়ৰ পিছতে মাত্ৰ ২৫ বছৰ বয়সতে অৱসৰৰ ঘোষণাই স্বাভাৱিকতে আচম্বিত কৰি তুলিছে অনুৰাগীক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ডিব্ৰুগড় ডায়েটত ৩ দিনীয়া সমাজ সেৱা কাৰ্যসূচী

ভৱিষ্যতৰ শিক্ষকসকলৰ মাজত সামাজিক দায়িত্ববোধ, পৰিৱেশ সচেতনতা আৰু নেতৃত্বৰ...

IIM গুৱাহাটীৰ প্ৰথম শিক্ষাবৰ্ষৰ MBA পাঠ্যক্ৰমৰ শুভাৰম্ভ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উচ্চ শিক্ষা খণ্ডত এক নতুন দিগন্তৰ...

শিৱসাগৰত বানাক্ৰান্তৰ কাষত RSS: বেতবাৰী আৰু আমগুৰিত সাহায্য সামগ্ৰী বিতৰণ

'জনসেৱাই প্ৰভু সেৱা'—এই মহান আদৰ্শক শিৰোগত কৰি সাম্প্ৰতিক ভয়াৱহ...

অনশন বন্ধ কৰিবলৈ সন্মত সোনম ৱাংচুক; চৰ্ত ৰাখিলে ৩টা

বিখ্যাত শিক্ষাবিদ তথা সক্ৰিয় সমাজকৰ্মী সোনম ৱাংচুকে (Sonam Wangchuk)...