নাবালিকাক ধৰ্ষণ কৰি পলায়ন জলেমান শ্বেখৰ

মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী দ্বীপচৰত নাবালিকাক ধৰ্ষণ। গোচৰৰ পাছতে পলায়ন হাটশিঙিমাৰী মহাবিদ্যালয়ৰ অভিযুক্ত ছাত্ৰৰ। গোচৰৰ তিনি মাহ উকলি যোৱাৰ পাছতো ৰজস্যজনক বাবে অভিযুক্ত ছাত্ৰক গ্ৰেপ্তাৰ কৰিব পৰা নাই খাৰুৱাবান্ধা আৰক্ষীয়ে। অভিযুক্তৰ পৰা উৎকোচ লোৱাৰ অভিযোগ ভুক্তভোগী পৰিয়ালৰ। মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী দ্বীপচৰ BSF কেম্পৰ নিচেই কাষতে থকা এটা পৰিয়ালৰ এগৰাকী নাবালিকা কিশোৰীক হাটশিঙিমাৰী মহাবিদ্যালয়ৰ ছাত্ৰ এজনে ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে। ভুক্তভোগী নাবালিকা কিশোৰীগৰাকীৰ লগতে তেওঁৰ পৰিয়ালে কৰা অভিযোগ মতে, যোৱা ৩ ডিচেম্বৰ ২০২১ত দিনৰ ভাগতে ঘৰত কোনো নথকাৰ সুযোগ লৈ নাবালিকা কিশোৰীগৰাকীক দ্বীপচৰ গাঁৱৰে জলেমান শ্বেখ নামৰ ছাত্ৰগৰাকীয়ে বলপূৰ্বকভাবে ধৰ্ষণৰ অভিযোগ। সেইদিনা ভুক্তভোগী কিশোৰীগৰাকীৰ পিতৃৰ আত্মীয় এগৰাকী মৃত্যুমুখত পৰা বাবে কিশোৰী গৰাকী আৰু ভাই বোৱাৰী এজনীক ঘৰতে ৰাখি পৰিয়ালৰ আন সদস্য সকলে মৃতদেহ সত্কাৰৰ বাবে যায়। পৰৱৰ্তী সময়ত ছাত্ৰজনৰ অভিভাৱকক বিষয়টো অৱগত কৰা হয় যদিও কোনো গুৰুত্ব নিদিয়াত যোৱা ১১ ডিচেম্বৰত খাৰুৱাবান্ধা আৰক্ষী চকীত কিশোৰীগৰাকীৰ মাতৃয়ে এজাহাৰ দাখিল কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

শিক্ষা সেতু এপ্লিকেশ্যন সংস্থাপনৰ বিৰুদ্ধে সদৌ অসম ডায়েট বিষয়া সন্থাৰ প্ৰতিবাদ

ৰাজ্যৰ শিক্ষা বিভাগৰ দ্বাৰা ২৭ মে’ তাৰিখে জাৰি কৰা...

গুৱাহাটীত ভয়ংকৰ ঘটনা

দিনতো সুৰক্ষিত নহয় নেকি গুৱাহাটী? সন্তানক অকলে এৰি দিয়াৰ...

ভাৰতৰ জন্মৰ হাৰ নিম্নগামী হোৱাত উদ্বিগ্ন ইলন মাস্ক

ভাৰতৰ জন্মৰ হাৰ নিম্নগামী হোৱাত উদ্বিগ্ন ইলন মাস্ক। সামাজিক...

প্ৰচণ্ড গৰমৰ পৰা সকাহ, মহানগৰীৰ প্ৰান্তে প্ৰান্তে বৰষুণ….

প্ৰচণ্ড গৰম, ধূলিৰে ধূসৰিত গুৱাহাটী মহানগৰীৰ বাসিন্দাই অপেক্ষা কৰি...