NRCত নাম নথকা লোককো প্ৰদান কৰা হ’ব আধাৰ কাৰ্ড

খানাপাৰাস্থিত অসম প্ৰশাসনিক পদাধিকাৰী প্ৰশিক্ষণ মহাবিদ্যালয়ত অসম চুক্তি বিভাগৰ মন্ত্ৰী অতুল বৰাৰ নেতৃত্বত সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃবৃন্দৰ মাজত গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। বৈঠকত NRC আৰু আধাৰ কাৰ্ড সন্দৰ্ভত আলোচনা কৰা হয়। NRCত নাম নথকা লোককো প্ৰদান কৰা হ’ব আধাৰ কাৰ্ড। আধাৰ কাৰ্ড নোহোৱাৰ বাবে অসুবিধাত পৰিছে খিলঞ্জীয়া লোকসকল। দাবী আৰু আপত্তি প্ৰক্ৰিয়াত ২৬ লাখ লোকৰ বায়মেট্ৰিক লোৱা হৈছিল। বৰ্তমান ২৬ লাখ লোকক আধাৰ কাৰ্ড প্ৰদানৰ বাবে সিদ্ধান্ত গ্ৰহণ। বৈঠকৰ পাছত সমুজ্বল কুমাৰ ভট্টাচাৰ্যৰ মন্তব্য– আমি বিদেশীমুক্ত, বাংলাদেশী নাম মুক্ত NRC বিচাৰো। কিন্তু NRCত উচ্চতম ন্যয়ালয়ৰ নিৰ্দেশনা কাৰ্যকৰী কৰা ন’হল বুলি অভিযোগ সমুজ্বল কুমাৰ ভট্টাচাৰ্যৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দিল্লীৰ যন্তৰ-মন্তৰত হোৱা জুলাইৰ হিংসাত্মক ঘটনাৰ তদন্তৰ বাবে পৰ্টেল মুকলি উচ্চতম ন্যায়ালয়ৰ গঠিত HPECৰ

ভাৰতৰ উচ্চতম ন্যায়ালয়ে ২০২৬ চনৰ জুলাই মাহত দিল্লীৰ যন্তৰ-মন্তৰ...

ৰাজ্যৰ বহুকইটা অঞ্চলত প্ৰশাসনৰ উচ্ছেদ অভিযান; ঘৰ হেৰুৱালে বহু পৰিয়ালে

ৰাজ্যৰ বিভিন্ন প্ৰান্তত সংৰক্ষিত বনাঞ্চলৰ বেদখল উচ্ছেদক লৈ প্ৰশাসনৰ...