IITৰ প্ৰৱেশিকা পৰীক্ষাত অসমৰ ছাত্ৰৰ সাফল্য, পদাৰ্থ বিজ্ঞানত দেশৰ ভিতৰতেই ৯৬সংখ্যক স্থান দখল স্বপনৰ

পুনৰবাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰীক্ষাত উজলি উঠিল অসম সন্তান ৷ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান চমুকৈ IITৰ প্ৰৱেশিকা (JAM) পৰীক্ষাত ডুমডুমাৰ ৰূপাই চাইডিঙৰ স্বপন লিম্বুৱে সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। স্বপন লিম্বুৱে পদাৰ্থ বিজ্ঞানত দেশৰ ভিতৰতেই ৯৬সংখ্যক স্থান দখল কৰিবলৈ সক্ষম হৈছে। কাকজান উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ইন্দ্ৰ লিম্বু আৰু ভাগৱতী লিম্বুৰ পুত্ৰ স্বপনৰ এই সাফল্যত পিতৃ-মাতৃৰ লগতে পৰিয়াল তথা সমগ্ৰ অঞ্চলবাসী গৌৰৱান্বিত হৈ পৰিছে। স্বপনৰ এই সাফল্যত গোৰ্খা ছাত্ৰ সন্থাৰ তিনিচুকীয়া জিলা সমিতিয়ে স্বপনৰ লগতে স্বপনৰ পিতৃ-মাতৃকো সম্বৰ্ধনা জনায়। ডিগবৈ মহাবিদ্যালয়ৰ পদাৰ্থ বিজ্ঞানৰ ছাত্ৰ স্বপনৰ ভৱিষ্যতে এগৰাকী সফল বিজ্ঞানী হোৱাৰ সপোন।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

আৰ ই চি ৰাষ্ট্ৰীয় মুকলি প্ৰতিভা সন্ধানী বক্সিং

বক্সিং ফেডাৰেছন অব ইণ্ডিয়া ৰ সহযোগিতাত অসম এমেচাৰ...

অৱশেষত আৰক্ষীয়ে বিচাৰি পালে চুমি বৰাৰ হীৰাৰ আঙুঠি

অৱশেষত আৰক্ষীয়ে বিচাৰি পালে চুমি বৰাৰ হীৰাৰ আঙুঠি। আঙুঠিটোৰ...

মহানগৰীৰ ৰাণীত শতাধিক লোকৰ প্ৰতিবাদ

মহানগৰীৰ ৰাণীত শতাধিক লোকৰ প্ৰতিবাদ। ৰাণী ব্লক স্থানান্তৰ কৰাক...

ধিঙত আকৌ ধৰ্ষণৰ ঘটনা সংঘটিত হ’ল

ধিঙত ইমান ধৰ্ষণকাৰী ক’ৰপৰা আহিল? শেহতীয়া ঘটনাটো মনত আছেনে?...