চাউল, বাঁহৰ পৰা উৎপাদন হ’ব ইথানল, তিনিচুকীয়াত স্থাপন হ’ব ৰাজ্যৰ প্ৰথমটো ইথানল উৎপাদন উদ্যোগ

চাউল, বাঁহৰ পৰা উৎপাদন হ’ব ইথানল। প্ৰযুক্তিৰ অভাৱনীয় উন্নতিৰ যুগত বিশ্বজুৰি ইটোৰ পিছত সিটো নতুন নতুন প্ৰয়াস চলোৱা দেখা যায়। শেহতীয়াভাবে পেট্ৰলত প্ৰতি লিটাৰত ৯০ গ্ৰাম ইথানল মিলাই অসমৰ তেল ডিপোত গ্ৰাহকক যোগান ধৰা হৈছে পেট্ৰল। ৰাজ্যৰ ৮টা স্থানত ইথানল উৎপাদন কৰা উদ্যোগৰ নিৰ্মাণৰ বাবে যাৱতীয় কাম-কাজে আগবঢ়াইছে চৰকাৰে। আটাইতকৈ গুৰুত্বপূৰ্ণ কথা এয়ে যে, অসমত চাউল, বাঁহ আদিৰ পৰা উৎপাদন কৰা হ’ব ইথানল। ৰাজ্যৰ প্ৰথমটো ইথানল উৎপাদন উদ্যোগ স্থাপন হ’ব তিনিচুকীয়া জিলাত। ইতিমধ্যে অসমৰ বাঁহ ফিনলেণ্ডলৈ প্ৰেৰণ কৰি ইথানল উৎপাদন পৰীক্ষাত কৰা হ’ল অসমৰ বাঁহৰ ওপৰত। অসমৰ বাঁহৰ পৰা ইথানল উৎপাদন কৰাত সফল হৈছে ফিনলেণ্ডৰ বিজ্ঞানীসকল। নুমলীগড় শোধনাগাৰত ইতিমধ্যে ফিনলেণ্ডৰ প্ৰযুক্তিৰে এই কাম ৫০ শতাংশ আগবঢ়ালে।

ডিব্ৰুগড়ত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ অভয়বাণী- ‘মই কেন্দ্ৰীয় মন্ত্ৰী হিচাপে, অসমীয়া হিচাপে সকলোকে কৈছোঁ এই দিশত কোনো ভয় কৰিব নালাগে। আপোনাৰ বাহনৰ কোনো কাৰণতে ইথানল ভৰালে বেয়া নহয়। বৰঞ্চ পূৰ্বতকৈ মাইলেছ বেছিহে পাব আপোনাৰ বাহনৰ। ই এটা অতি উন্নত প্ৰযুক্তি, ইয়াৰ জৰিয়তে আজিলৈকে কোনো সমস্যা হোৱা নাই। গতিকে কোনো চিন্তা নাই। কোনোৱে যদি কয় ইথানেলৰ বাবে বাহন বেয়া হৈছে বুলি তেন্তে মই কওঁ তেওঁ মিছা মাতিছে।’
উল্লেখ্য যে, ইথানল মিহলি ইন্ধন যোগানক লৈ শেহতীয়াভাবে ৰাজ্যজুৰি মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈ আহিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...