ফেব্ৰুৱাৰীত ৪ কোটি টকাৰ অধিক ৰাজহ সংগ্ৰহ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ

২০২১-২২ পৰ্যটন বৰ্ষৰ পঞ্চমটো মাহত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে লাভ কৰিলে ৪ কোটি ৪৬ লাখ,৭৫ হাজাৰ ৬৬০ টকাৰ ৰাজহ। ফেব্ৰুৱাৰী মাহত উদ্যান দৰ্শন কৰিবলৈ অহা দেশীয় পৰ্যটকৰ সংখ্যা আছিল ২,২০,০২৭জন। ইয়াৰ বিপৰীতে বিদেশী পৰ্যটকৰ সংখ্যা আছিল ৭৩৩ জন। শেহতীয়াকৈ ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই জনোৱা তথ্য অনুসৰি বিগত সময়ছোৱাত ক’ভিড মহামাৰীৰ পিছতে সৰ্বাধিক দেশীয় পৰ্যটকৰ সংখ্যা বৃদ্ধি পালে।

কিন্তু হ্ৰাস পালে বিদেশী পৰ্যটকৰ সংখ্যা বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙাত। উল্লেখযোগ্য যে বিগত ২০১৭-১৮ পৰ্যটন বৰ্ষত উদ্যান কৰ্তৃপক্ষই সৰ্বাধিক ৫ কোটিৰো অধিক টকাৰ ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল। কিন্তু ক’ভিডৰ পিছতে উদ্যান কৰ্তৃপক্ষই চলিত বৰ্ষৰ মাৰ্চ মাহৰ ভিতৰত ৪,৪৬,৭৫,৬৬০কোটি টকাৰ ৰাজহ সংগ্ৰহ কৰি বিগত ১০টা বছৰত দ্বিতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...