সৰুসজাইত সামৰণি পৰিল ৰাজ্যিক এথলেটিক প্ৰতিযোগিতাৰ, কোন দল হ’ল শ্ৰেষ্ঠ?

সৰুসজাই ষ্টেডিয়ামত সামৰণি পৰিল ৪৩ সংখ্যক ৰাজ্যিক এথলেটিক প্ৰতিযোগিতা। ৮ মাৰ্চৰ পৰা ৪ দিনীয়াকৈ অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাত সহস্ৰাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। অসম এথলেটিক সন্থাৰ উদ্যোগত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনৰ আজি সফল সামৰণি পৰে। চাৰিদিনীয়া এই প্ৰতিযোগিতাখনত খেলুৱৈসকলে সুন্দৰ খেল প্ৰদৰ্শন কৰে বুলি জানিবলৈ দিয়ে প্ৰশিক্ষক নিপন দাসে। বিশেষকৈ গুৱাহাটী, ওদালগুৰি, ডিব্ৰুগড় আৰু শিৱসাগৰে এই খেলখনত উন্নত প্ৰদৰ্শন কৰে। অসমৰ বিভিন্ন প্ৰান্তৰ ৩৭টা দলে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। প্ৰতিবিধ খেলতে ভাল প্ৰদৰ্শন দেখুৱাই আজি অন্তিমটো দিনত গুৱাহাটীৰ দলে শ্ৰেষ্ঠ খেলুৱৈ দলৰ সন্মান লাভ কৰে। এই প্ৰতিযোগিতাত খেলুৱৈসকলক উন্নতমানৰ ক্ৰীড়াসুলভ সা-সুবিধা প্ৰদান কৰা হৈছে বুলিও কৰ্মকৰ্তাসকলে সদৰী কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

ঢকুৱাখনাৰ সাপতিয়া গাঁৱত উদ্ধাৰ এটা ছিন্ন মুণ্ড, উদ্ধাৰ হোৱা ছিন্ন মুণ্ডতো ধুবুৰীৰ জাহাংগীৰ হুছেইনৰ নেকি?

আকৌ চৰ্চালৈ আহিছে ঢকুৱাখনাৰ ৰহস্যজনক হত্যাকাণ্ড। হত্যাকাণ্ড হোৱা স্থানৰ...

সাগৰীয় ঘূৰ্ণি ‘ফেনজল’ৰ শেহতীয়া প্ৰতিটো UPDATE কেৱল NKTV PLUSত

দক্ষিণৰ উপকূলীয় অঞ্চলত খুন্দা মাৰিছে সাগৰীয় ঘূৰ্ণি ‘ফেনজল’এ। ‘ফেনজল’ৰ...

চাকৰিত যোগদান কৰিছিলহে, প্ৰথম দৰমহা নাপাওঁতেই প্ৰমিকে হত্যা কৰিলে মায়াক!

চাকৰিত যোগদান কৰিছিলহে, প্ৰথম দৰমহা নাপাওঁতেই প্ৰমিকে হত্যা কৰিলে...

বেংগালুৰুত মৃত্যু হোৱা মায়া গগৈ কোন প্ৰাক্তন মন্ত্ৰীৰ নাতিনী? উদ্ধাৰ হ’ল মায়াৰ পৰিচয়

উদ্ধাৰ হ’ল বেংগালুৰুত মৃত্যু হোৱা মায়া গগৈৰ পৰিচয়। প্ৰাক্তন...