২০, ২১ মাৰ্চত বন্ধ থাকিব ওৰাং ৰাষ্ট্ৰীয় উদ্যান, কিন্তু কিয়?

২০, ২১ মাৰ্চত পৰ্যটকৰ বাবে বন্ধ থাকিব ওৰাং ৰাষ্ট্ৰীয় উদ্যান। মঙলদৈ বন্যপ্ৰাণী সংমণ্ডলৰ বিষয়াৰ কাৰ্যালয়ৰ পৰা প্ৰকাশিত এক নিৰ্দেশনা অনুসৰি জানিবলৈ দিয়া হৈছে যে বাৰ্ষিক গঁড় পিয়লৰ নিৰূপণৰ প্ৰতি লক্ষ্য ৰাখি আগন্তুক ২০ আৰু ২১ মাৰ্চ তাৰিখে ওৰাং ৰাষ্ট্ৰীয় উদ্যান সাধাৰণ পৰ্যটকৰ বাবে বন্ধ থাকিব। এই সময়চোৱাত ৰাষ্ট্ৰীয় উদ্যানখনৰ চাৰিসীমাৰ ভিতৰত পৰ্যটকক প্ৰবেশৰ অনুমতি দিয়া নহ’ব বুলি বন বিষয়াৰ কাৰ্যালয়ৰ পৰা জানিবলৈ দিয়া হৈছে। নিৰ্দেশনা মতে ২২ মাৰ্চত ৰাষ্ট্ৰীয় উদ্যানখন পুনৰ পৰ্যটকৰ বাবে মুকলি কৰি দিয়া হ’ব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত পুটিনৰ দলৰ বৃহৎ জয়; ইউক্ৰেইনৰ ড্ৰোন আক্ৰমণৰ মাজতে অনুষ্ঠিত নিৰ্বাচন

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ দল United Russiaৰ...

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা; ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন সতৰ্কবাণী

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা। ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন...

তামাৰহাটৰ গুমা ফেৰিঘাটত যাত্ৰীবাহী নাও দুৰ্ঘটনাগ্ৰস্ত; নদীৰ মাজত আবদ্ধ শতাধিক যাত্ৰী

তামাৰহাটৰ গুমা ফেৰিঘাটত গংগাধৰ নদীত সংঘটিত হৈছে এক ভয়ংকৰ...