ৰাইজক বিপদত পেলাই কোটি-কোটি টকা লুণ্ঠনৰ ফন্দি পাতিছে ঠিকাদাৰে

ৰাইজক বিপদত পেলাই কোটি-কোটি টকা লুণ্ঠনৰ ফন্দি পাতিছে ঠিকাদাৰে। ঢকুৱাখনাত ৯ কোটি ৪৭ লাখ টকীয়া মথাউৰি নিৰ্মাণত ঠিকাদাৰে ব্যাপক দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ উত্থাপিত হৈছে। গুৰথালি চাপৰিৰ পৰা চামপৰা দলং সংযোগী মথাউৰি নিৰ্মাণ হৈছে বালিৰে। মন্ত্ৰী পীযুষ হাজৰিকাৰ জলসম্পদ বিভাগে কাণসাৰ নিদিয়াৰ অভিযোগ। চলিত বৰ্ষৰ ২৮ ফেব্ৰুৱাৰীত ঢকুৱাখনা সমষ্টিৰ বিধায়ক নৱ কুমাৰ দলে, লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱাৰ উপস্থিতিত ঘিলামৰাত শুভাৰম্ভ কৰিছিল গুৰথালি চাপৰিৰ পৰা চামপৰা দলং সংযোগী মথাউৰি নিৰ্মাণৰ কাম। ২০২১-২০২২ বিত্তীয় বৰ্ষত SOPD-G পুঁজিৰ শিতানৰ ৯ কোটি ৪৭ লাখ টকা ব্যয়ৰে মথাউৰি নিৰ্মাণত বিভাগীয় ঠিকাদাৰ চলাই গৈছে লুণ্ঠন। স্থানীয় ৰাইজক অন্ধকাৰত ৰাখি ঠিকাদাৰে নিজৰ খেয়াল খুচি মতে নিৰ্মাণ কৰিছে মথাউৰি। বিভাগীয় নীতি-নিৰ্দেশনাক আওকাণ কৰি বালিৰে মথাউৰি নিৰ্মাণ কৰি এতিয়া কেৱল চৰকাৰী আঁচনিৰ নামত আবণ্টিত ধন শৰাধ কৰাতহে সিদ্ধহস্ত হৈ পৰা জলসম্পদ বিভাগৰ কাণ্ডক লৈ ক্ষুব্ধ হৈ পৰিছে স্থানীয় ৰাইজ আৰু বিভিন্ন দল-সংগঠন। কমিছনৰ অংকত বালিৰে নিৰ্মাণ কৰা মথাউৰিয়ে বাৰিষাৰ নৈৰ সূতক কেনেদৰে বাধা দিব তাক লৈ এতিয়া বানৰ পূৰ্বেই শংকিত হ’বলগীয়া হৈছে ৰাইজ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

আধাৰ কাৰ্ডৰ জৰিয়তে আপুনি লাভ কৰিব পাৰে ৫০ হাজাৰ টকা পৰ্যন্ত ঋণ

আপুনি জানেনে? আধাৰ কাৰ্ডৰ জৰিয়তে আপুনি ঋণ লাভ কৰিব...

ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত হ’ব আন্দামান-নিকোবৰৰ জাৰৱা সম্প্রদায়ৰ

আন্দামান আৰু নিকোবৰ দ্বীপসমূহৰ অন্যতম বৈশিষ্ট্য হৈছে জাৰৱা সম্প্রদায়ৰ...

ট্রাম্পৰ হোটেলৰ বাহিৰত সংঘটিত চাইবাৰট্ৰাক বিস্ফোৰণৰ পৰিকল্পনাত ব্যৱহাৰ হৈছিল AI

আমেৰিকা যুক্তৰাষ্ট্ৰৰ লাছ ভেগাছত নৱবৰ্ষৰ দিনটোত ট্রাম্পৰ হোটেলৰ বাহিৰত...

বৃহৎ সামুদ্রিক শক্তি হোৱাৰ দিশত ভাৰত

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে বুধবাৰে মুস্থাৰ নৌ সেনা বাহিনীৰ পোতাশ্রয়ত...