ভয়ংকৰ পথ দুৰ্ঘটনাত আহত দুজন লোক

ভয়ংকৰ পথ দুৰ্ঘটনাত আহত দুজন লোক। গোলকগঞ্জৰ বিৰাট নগৰ চাৰিআলিৰ ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এক পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় দুজন। আহত দুজন সত্ৰশালৰ প্ৰবীন দাস আৰু হলেশ্বৰ দাস। বালাজানৰ পৰা ঘৰলৈ আহি থকা অৱস্থাত ৰৈ থকা পিক‌আপ ভেন এখনত খুন্দিয়ায়। ফলত গুৰুতৰভাৱে আহত হয় প্ৰবীন দাস আৰু হলেশ্বৰ দাস।

স্থানীয় ৰাইজে ততালিকে গোলকগঞ্জ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্ত্তি কৰায় যদিও অৱস্থা গুৰুতৰ হোৱাত ধুবুৰী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে। দুৰ্ঘটনাগ্ৰস্ত স্কুটীখনৰ নম্বৰ আছিল HR 26 DR 3268 । আনহাতে কৌশলেৰে দুৰ্ঘটনাগ্ৰস্ত পিক‌আপ ভেন খন পলায়ন কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

AC নোহোৱাকৈয়ে কমাব পাৰিব কোঠাৰ ভিতৰৰ আৰ্দ্ৰতা: ঘৰখনক আৰামদায়ক কৰি ৰাখিবলৈ কিছু সহজ টিপছ

বৰ্ষাকাল বা বাৰিষাৰ আগমন নিশ্চয়কৈ এক সকাহজনক খবৰ। কিন্তু...

প্ৰধানমন্ত্ৰী মোদী বিশ্বৰ অন্যতম শক্তিশালী নেতা: ২০১৯ৰ MAN vs WILDৰ স্মৃতি ৰোমন্থন বিয়েৰ গ্ৰিলছৰ

ব্ৰিটেইনৰ প্ৰখ্যাত দুঃসাহসী অভিযাত্রী তথা জনপ্ৰিয় দূৰদৰ্শন ব্যক্তিত্ব বিয়েৰ...